Breaking

শিৱসাগৰ হাঁহচৰা নগাগাঁৱত দুদিনীয়াকৈ “শিক্ষাবন্ধু” তৃতীয়বাৰ্ষিক গ্ৰন্থ উৎসৱৰ আজি সামৰণি অনুষ্ঠান…

0 69

শিৱসাগৰৰ হাঁহচৰা নগাগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈছে “শিক্ষাবন্ধু”তৃতীয় গ্ৰন্থ উৎসৱ। হাঁহচৰাবাসী সহযোগত দুদিনীয়া কাৰ্যসূচীৰে হাঁহচৰা নগাগাঁৱত অনুস্থিত হৈছে এই অনুষ্ঠান।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, ৰচনা আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশৰ লগতে বাহ্যিক দিশটো আগবঢ়ায় নিয়াৰ উদ্দেশ্যে এই ‘শিক্ষাবন্ধুʼ দ্বাৰা দুদিনীয়া কাৰ্য্যসূচীৰে হাঁহচৰাৰ নগাগাঁৱত অনুস্থিত হৈছে “শিক্ষাবন্ধুৰ”এই তৃতীয় বাৰ্ষিক শিশু গ্ৰন্থ উৎসৱ।বিয়লি জনগোষ্ঠীয় নৃত্য আৰু স্হানীয় শিশুসকলৰ সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰে।আজি সামৰণি পৰিব এই অনুষ্ঠানৰ।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply