Breaking

উপায়ুক্ত সকললৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 83

ভিডিঅ’ কনফাৰেঞ্চিঙৰ জড়িয়তে দেওবাৰে ৰাজ্যৰ উপায়ুক্তৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক৷ প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে।

এই বৈঠকত উপায়ুক্ত সকললৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে। ঠিকাদাৰ সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।

সোমবাৰৰ ভিতৰত ৰাজ্যৰ পথসমূহৰ মাজত থকা সকলো গাঁত বন্ধ কৰা, নিৰ্মাণস্থলীত বেৰিকেড ৰখাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। নিৰ্ধাৰিত সময়ৰ পিছত ৰাজ্যৰ পথসমূহত গাঁত প্ৰত্যক্ষ কৰিলেই গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা। লগতে বৰষুণৰ বাবে ৰাজ্যত হ’বলগীয়া সম্ভাব্য পৰিস্থিস্তিৰ বাবে এনডিআৰএফৰ লগতে সকলো বিভাগকে সস্তম হৈ থকাৰ নিৰ্দেশ।

উল্লেখ্য যে মুখ্যমন্ত্রীয়ে নিয়ম ভংগকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল’বলৈ প্ৰতিগৰাকী আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ প্ৰদান কৰিছে। আঁচনি প্রকল্প ৰূপায়ণত গাফিলতি হ’লে জবাবদিহি হ’ব বিষয়া।

ৰাইজৰ অভিযোগ ল’ব পৰাকৈ উপাযুক্তসকলক উপযুক্ত ব্যৱস্থা গ্রহণৰ নিৰ্দেশ। ৰাজ্যৰ সাম্ভাৱ্য বান পৰিস্থিতিক লৈও আলোচনা বৈঠকত। বৈঠকত উপস্থিত থাকে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়াসকল।

Leave A Reply