Breaking

জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 80

সোমবাৰে মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, “ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্য-কৰ্তাৰ বাবে দলীয় কাৰ্যালয়সমূহ মন্দিৰ সদৃশ। এই কাৰ্যালয় ভৱনটোৱে বিজেপিক জনসাধাৰণলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ লগতে দলীয় কাম-কাজসমূহ সূচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।”

উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্রীয় পথ পুঁজি শিতানৰ অধীনত ২০১৬-১৭ বর্ষৰ বাবে নলবাৰী-ধমধমা পথত নির্মিত দুই লেণ্ডযুক্ত উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুঠ ৪৭.০৫ কোটি টকা ব্যয় সাপেক্ষে আৰু ৪৬৭.২৪ মিটাৰ দৈর্ঘ্যৰ ‘প্রজ্ঞা সেতু’ নামকৰণ কৰা এই সেতুখন শ্রীশ্রী হৰিমন্দিৰৰ সমীপত, পূৰ্বোত্তৰ সীমান্ত ৰে’লৱেৰ ৰে’লপথৰ ওপৰত নির্মাণ কৰা হৈছে৷

সেইদৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্রমা বিভাগ(কাৰিকৰী শাখা)-এ নলবাৰীৰ গৰ্ডন হাইস্কুল খেলপথাৰত নির্মাণ কৰিবলগীয়া এহেজাৰ আসনযুক্ত নলবাৰী নগৰ প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। পিছত চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাৰ পৰাই মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই ভার্চুৱেল পদ্ধতিৰে ‘মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি’, ‘মুখ্যমন্ত্রীৰ পকী পথ নৱীকৰণ আঁচনি’ আৰু ‘মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি’ৰ অন্তর্গত কেইবাটাও পথৰ প্রকল্পৰ শিলান্যাস কৰে। লগতে ৩৮ কোটি টকা ব্যয় সাপেক্ষে এ আই আই বি-ৰ অধীনত ৪টা শক্তি প্রকল্পৰো ভার্চুৱেল শিলান্যাস কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম চৰকাৰৰ ‘কোচ-ৰাজবংশী উন্নয়ন পৰিষদ’ৰ পুঁজিৰ অধীনত নলবাৰী জিলাৰ বৰকুছি, মিলনপুৰত নিৰ্মাণ হ’ব লগা চিলাৰায় ভৱন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰে।

Leave A Reply