Breaking

সৰ্ব গুণৰ আকৰ, অসমী আইৰ সু-সন্তান দিবাকৰ ৰেণুৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ স্মৃতিচাৰণ সভা সম্পন্ন…

0 42

যোৱা ২১ এপ্ৰিল দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ উদ্যোগত আৰু মাহেকীয়া আলোচনী ‘জোনাক’ৰ সহযোগত প্ৰয়াত কবি, চিত্ৰকাৰ, সমাজসেৱক, সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ দিবাকৰ ৰেণুৰ স্মৃতিচাৰণ সভাখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতেই দিবাকৰ ৰেণুৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ৰেণুদেৱৰ পত্নী কবিতা ডি ৰেণুৱে। মৌন পৰিবেশত শিখামণি দত্তই এটি প্ৰাৰ্থনা গাই থকা পৰতে স্মৃতিচাৰণ সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে উপুমৰ পঞ্জীয়ন কমিটীৰ সভানেত্ৰী ড° অনিমা বৰাই। সদ্য প্ৰয়াত কবি অলকেশ কলিতাসহ আন আন বৰেণ্য ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌনতা অৱলম্বন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে উত্তৰ পুৰুষৰ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে । উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতেৰে সভাখন জীপাল হোৱা অনুষ্ঠানত দিবাকৰ ৰেণুৰ স্মৃতিত আয়োজিত কবিতা প্ৰতিযোগিতাৰ কবিতাসমূৰ সংকলন, পুলকেশ ৰায় বৰুৱা আৰু হৰেকৃষ্ণ হালৈৰ সম্পাদিত “কাব্যিক কথকতাঃ স্মৃতিৰ কেনভাচত দিবাকৰ” শীৰ্ষক পুথিখন উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক আনিছ উজ জামানদেৱে।

উন্মোচক জামানদেৱে দিবাকৰৰ কৰ্মৰাজিৰ ওপৰত সাৰুৱা বক্তৃতা প্ৰদান কৰাৰ লগতে কবিতা আৰু লোকসাহিত্যৰ প্ৰসংগৰ কথাও বিষদভাৱে বিৱৰি কয়। বিশিষ্ট অতিথিৰ আসনৰ পৰা সাহিত্যিক পেন্সনাৰ, বিশিষ্ট অনুবাদক,কবি অশ্বিনী বেজবৰুৱাই কয় যে– “এগৰাকী ভৱিষ্যতদ্ৰষ্টা পুৰুষ, অদমনীয় প্ৰতিভাৰ আকৰ দিবাকৰৰ কথা কৈ শেষ কৰিব নোৱাৰি, পৃথিৱীত নাম ৰাখি থৈ যোৱা অনেক কৃতবিদ্যই কম বয়সতে ইহলীলা সম্বৰণ কৰিছে।” কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন তথা বিশিষ্ট সাহিত্যিক, গণিতজ্ঞ, উপুমৰ সভাপতি ড° দিব্যজ্যোতি মহন্তদেৱে কবিতা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰে আৰু চমু ভাষণত দিবাকৰক জনমানসত জীয়াই ৰখাৰ বাবে প্ৰতিবছৰে একোখন কিতাপ প্ৰকাশ কৰা তথা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিবলৈ পৰামৰ্শ আগঢ়ায়। সাহিত্যিৰ সেৱক, কবি মৌচুমী ভট্টাচাৰ্য্য বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত উপুমৰ শিৱসাগৰ জাঁজী শাখাৰ সভানেত্ৰী ৰীনা বুঢ়াগোহাঁই বৰুৱা, উপুমৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিশু সাহিত্যক সুৰেন্দ্ৰ মোহন দাস, সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্য, বিশিষ্ট সমাজকৰ্মী ববিতা লহকৰ বৈশ্য, অনুভৱী লেখিকা বাসন্তী ফুকন দুৱৰা, যুৱ লেখক ফুকন ৰাজবংশী, অধ্যাপক মনিৰুজ জামান, সহকাৰী শিক্ষয়িত্ৰী জাৰ্জিনা বেগমে নিজস্ব দৃষ্টিভংগীৰে দিবাকৰ ৰেণুৰ কৰ্মৰাজি-গুণৰাজিৰ আলোকপাত কৰে।

সভাত কবি নৱ ডেকাই দিবাকৰ ৰেণুৰ অমৰ সৃষ্টি “মই বিষ্ণুৰাভা হ’ব খোজো” শীৰ্ষক কবিতাৰ সুমধুৰ কন্ঠেৰে আবৃত্তি কৰে। হিমাংশু পাঠক, জাৰ্জিনা বেগম, বাসন্তী ফুকন দুৱৰা আৰু ৰীনা বুঢ়াগোহাঁই বৰুৱাই একোটাকৈ স্বৰচিত কবিতা পাঠ কৰে অনুষ্ঠানটোত। ‘জোনাক’ মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত আছিল বিশিষ্ট ব্যৱসায়ী-সমাজকৰ্মী হৰেকৃষ্ণ ডেকা, কবি-লেখক কমল কুমাৰ, ডিম্পী ভৰালী, স্পন্দন পলাশ,ড° চুৰীয়া বেগম, জয়শ্ৰী শইকীয়া, ভবেন্দ্ৰ কুমাৰ বৈশ্য, জুনু বৈশ্য, বিনন্দি ৰাম দাস ৰঞ্জুশ্ৰী বৰ্মন, শিখামণি দত্ত, অহিৰণ অন্তৰীপ, ৰেণু দেৱী, প্ৰণৱজ্যোতি দেৱ শৰ্মা, শৰৎ কলিতা, জুৰি শইকীয়া , অৰুণ গগৈ, সত্যজিৎ নাথ, দিপক দে, নৱজিৎ তালুকদাৰ, ৰমেন বৰাসহ অনেকজন দিবাকৰ ৰেণুৰ গুণমুগ্ধ।

Leave A Reply