Breaking

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

0 1,220

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া আহুকালৰ সন্মুখীন হৈছে এক বিশেষ কাৰণত। কিয়নো মহাবিদ‍্যালয়সমূহে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্ট এতিয়া বাধ‍্যতামূলক। কিন্তু নামভৰ্তি কৰিবলগীয়া সৰহভাগ উচ্চ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে কিছুসংখ‍্যক উচ্চতৰ মাধ‍্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰো নাই। এই ক্ষেত্ৰত বেংক একাউন্ট নথকা ছাত্ৰ-ছাত্ৰীসকল মহা বিপদত পৰিছে। একাউন্ট খুলিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল বেংকৰ নীতি-নিয়মৰ বাবে সন্মুখীন হৈছে সীমাহীন সমস‍্যাৰ। অপ্ৰাপ্তবয়ষ্ক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় নথি-পত্ৰ সময় মতে যোগাৰ কৰিব নোৱাৰাৰ ফলত নামভৰ্তিত বেমেজালি ঘটাৰ উপক্ৰম হৈছে। আনহাতে, বেংকে কৰ্তৃপক্ষই ইচ্ছা কৰিলেও বৰ্তমানৰ কঠিন নীতি-নিয়ম আওকাণ কৰিব নোৱাৰা অৱস্থা। মুঠতে এতিয়া বেংক একাউণ্ট খোলাক লৈ গ্ৰাহক-সেৱক দুয়োপক্ষ বিপাঙত।ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা এনে বেমেজালি নিৰাময়ৰ বাবে এক সুচল পৰিৱেশ উদ্ভাৱন বৰ্তমান সময়ৰ প্ৰয়োজন। এক সুচল প্ৰক্ৰিয়া যাতে আৰম্ভ কৰে তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে কলিয়াবৰ মহাবিদ্যালয় আছু গোটে। শনিবাৰে আছু গোটৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংক, কলিয়াবৰ শাখাৰ শাখা পৰিচালক এখন স্মাৰকপত্ৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল সন্মীখীন হোৱা জটিলতাৰ বিষয়ে অৱগত কৰে। আছু গোটৰ সভাপতি ত্ৰিদিপ বৰা, সম্পাদক প্লাৱন বৰা আৰু শিক্ষা সম্পাদক মৃন্ময়জ‍্যোতি বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখন প্ৰদানৰ পাছত সমস‍্যাটোৰ তৎকালীন সমাধানৰ বাবে আছু গোটৰ সদস‍্যসকলে শাখা পৰিচালকৰ লগত এক আলোচনাত মিলিত হয়। পৰিচালকেও ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা জটিলতা নিৰাময়ৰ আশ্বাস প্ৰদান কৰে। নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত বেংক একাউণ্ট খুলিব পৰাকৈ কিছু শিথিলতা অনাৰ বাবে ব‍্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাই পৰিচালক গৰাকীয়ে। যাতে ছাত্ৰ-ছাত্ৰীসকলে অনতিপলমে বেংক একাউন্ট সমূহ খুলিব পাৰে।

Leave A Reply