Breaking

ভাৰত-চীন সীমান্তত ৩ খন দলং নিৰ্মাণ সীমান্ত পথ সংগঠনৰ ৷

0 1,077

দৈনন্দিন বাৰ্তা ডেস্ক :

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্মাণ কৰি থকা প্ৰকল্পবোৰৰ বিষয়ে সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ তদুপলক্ষে দক্ষিণ ব্লকত মঙলবাৰে এখন সভা অনুষ্ঠিত হয় বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে ৷ লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে মন্ত্ৰী ৰাজনাথ সিঙক নিৰ্মাণ হৈ থকা পথবোৰৰ বিষয়ে চমুকৈ অৱগত কৰে ৷ এই প্ৰকল্পবোৰ চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাত চলি আছে ৷ সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে আশ্বস্ত দিয়ে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা আৰু নিয়ন্ত্ৰণ ৰেখাত চলি থকা প্ৰকল্পবোৰ যথা সদয়ত সম্পন্ন কৰিব ৷ তেওঁ লগতে কয় যে প্ৰতিৰক্ষা, গৃহ আৰু পৰিবহণ বিভাগসহ সকলো বিভাগে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে বুলি তেওঁ জনায় ৷ উল্লেখ্য যে সীমান্ত পথ সংগঠনে তিনিখন নতুন দলং নিমুৰ ওচৰত নিৰ্মাণ কৰি আছে ৷ ইয়াত ভাৰতীয় সেনাই টেংক আৰু বন্দুকসহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূৱ লাডাখত ভ্ৰমণ কৰি সহায় কৰিছে ৷ এই বেইলি দলংবোৰ আগতে ২৪ টনৰ যানবাহন গৈছিল ৷ এতিয়া নতুনকৈ ৭০ টনৰ কৰা হৈছে ৷ তিনি মাহৰ ভিতৰত এই কাম সম্পন্ন হয় ৷ দ্বিতীয়খন দলং নিমুৰ ওচৰৰ বাছগ’ত পুনৰ নিৰ্মাণ কৰা হৈছে ৷ গধুৰ যানবাহনৰ চলাচল কৰিব পৰা এই দলংখন সোনকালে পুনৰ নিৰ্মাণ কৰা হ’ব ৷ তৃতীয়খন দলং উলে ট’প’ত নিৰ্মাণ কৰা হৈছে ৷

Leave A Reply