Breaking

সাতশ মিটাৰ পথ নিৰ্মাণতো চূড়ান্ত হেমাহি গড়কাপ্টানী আৰু অ’এনজিচিৰ : নাজিৰা নগৰৰ ঐতিহাসিক টকৌ আলিৰে যাতায়তত যমৰ-যাতনা ভুগিছে জনগণে।

0 985

নাজিৰা : ২ শিৱসাগৰ জিলাৰ ৰাজ্যিক গড়কাপ্টানী বিভাগৰ নাজিৰা সংমণ্ডল আৰু অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ বৰমূৰীয়া সকলৰ চূড়ান্ত অকমন্যতা আৰু হেমাহিৰ বাবেই নাজিৰা নগৰৰ ঐতিহাসিক টকৌ আলি (হবিবুৰ ৰহমান পথ)টোৰ সম্প্ৰতি মীন পাম সদৃশ দ দ গাত সমূহৰ বাবে পথটোয়েদি যাতায়তৰ ক্ষেত্ৰত জনগণে ভোগ কৰিছে যমৰ যাতনা। গড়কাপ্টানী বিভাগে অ’এনজিচি অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা ধোদৰ আলি সংযোগী প্ৰায় সাতশ মিটাৰ উপ পথছোৱা নিৰ্মাণৰ সামৰ্থ নোহোৱা হৈছে। দূৰ্নীতি-অনিয়মৰ অভিযোগেৰে সঘনাই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা গড়কাপ্টানী বিভাগৰ নাজিৰা সংমণ্ডল কৰ্তৃপক্ষই বছৰ বছৰ ধৰি এই পথছোৱা নিৰ্মাণ নকৰাত ৰাইজে জলা-কলা খাব লগা হৈছে। এই ঐতিহাসিক পথটোৰ কাষত আছে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, নাজিৰা নগৰ বালিকা বিদ্যালয়, অসম কোম্পানী নাজিৰা ল’ৰা প্ৰাথমিক বিদ্যালয়, নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াৰ উপৰি আছে নাজিৰা মহকুমা প্ৰশাসনৰ গণৰাজ্য আৰু স্বাধীনতা দিৱস উদযাপন কৰা মুখ্যস্থল নাজিৰা খেল পথাৰৰ লগতে গান্ধী ময়দান। ইয়াৰ উপৰি এই পথেৰে ওপৰ নাজিৰা, কৈৱৰ্ত গাওঁ, বুদবাৰী সত্ৰ, ছানবছা, শেনৰ আলি, বাউলী মৈদাম, সোন্দৰ পুখুৰী আৰু অ’এনজিচিৰ নিজা দুটাকৈ আৱাস স্থলৰ বিষয়া-কৰ্মচাৰী ৰাইজৰ যাতায়ত হয়। সম্প্ৰতি এনে গুৰুত্বপূৰ্ণ পথছোৱাৰে যাতায়তৰ ক্ষেত্ৰত ত্ৰাহি মধুসূদন সুৱৰিব লগা হৈছে। এই জৰাজীৰ্ণ পথছোৱা সুপৰিকল্পিতভাৱে পুনৰ নিৰ্মাণৰ বাবে “অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ”, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু ৰাইজে অ’ এনজিচি আৰু গড়কাপ্টানী বিভাগৰ ওচৰত বাৰম্বাৰ স্মাৰক পত্ৰ তথা আবেদন-নিবেদন কৰি অহাৰ পাছতো বিভাগৰ বৰমূৰীয়া সকলে কোনো গুৰুত্বাৰোপ কৰা নাই। উল্লেখযোগ্য যে, নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰচেষ্টাত বিগত বৰ্ষত গড়কাপ্টানী বিভাগে পথছোৱা মেৰামতিৰ বাবে প্ৰায় ৮ লাখ টকা আৱণ্টন দিছিল যদিও বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ হৰণ-ভোজনৰ বাবেই পথছোৱাৰ প্ৰকাণ্ড প্ৰকাণ্ড মীন পাম সদৃশ পুখুৰী সমূহেই পোত নাখালে। ঐতিহাসিক টকৌ আলিৰ এনে বিধ্বস্ত অৱস্থাৰ বাবেই সঘনাই দূৰ্ঘটনাৰ লগতে যান-বাহনৰ সঘন বিজুতি ঘটে। সেয়ে ৰাইজে গড়কাপ্টানী বিভাগ আৰু অ’এনজিচি কৰ্তৃপক্ষক শীৰ্ঘ্ৰে পথছোৱা পুনৰ নিৰ্মাণৰ বাবে দাবী জনাইছে।

Leave A Reply