Breaking

নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড…

0 59

অভয়াপুৰী থানাৰ অন্তৰ্গত বাৰীপুখুৰী শালবাগানত কণমানি ছোৱালী এজনীক ধৰ্ষণ কৰাৰ অপৰাধত পাষণ্ড দিলীপ মণ্ডল ওৰফে দাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অভয়াপুৰীৰ বিশেষ আদালতে৷ ৫০হেজাৰ টকাৰ জৰিমনা অনাদায়ে তিনি বছৰৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান কৰে বিশেষ ন্যায়াধীশ উপেন কুমাৰ নাথে ৷

২০১৯ চনৰ ১৭ ছেপ্টেম্বৰৰ সন্ধিয়াতে বাৰীপুখুৰীত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল দিলিপে৷ মাথোঁ ৫ বছৰীয়া কণমানি ছোৱালীজনীক বলপূৰ্বক আঠু কঢ়াই দুষ্কাৰ্য কৰিছিল পাষণ্ড দিলিপে৷ টিলাপাৰাৰ আলহীৰ ঘৰৰ পৰা আহি থাকোতে দিলিপৰ যৌনলালসাৰ বলি হোৱাৰ দৃশ্য দেখিছিল কণমানিৰ পিতৃয়ে৷

যৌনাংগৰ উৎকট বিষত তিনিদিনলৈ খোজ কাঢ়িব পৰা নাছিল তাই৷ ২০১৯ চনৰ ১৯ ছেপ্টেম্বৰত অভয়াপুৰী থানাত ৩৭৬ নং ধাৰাৰ অধীনত ৰুজু হয় ৬২৬ নম্বৰ গোচৰ৷ সংযোজন হয় শিশু নিৰ্যাতনৰ POCSO আইনৰ ৪নং ধাৰা৷ তদানীন্তন অ’চি দীপক বৈশ্যই জোৰদাৰ তদন্তৰ পাছত ২০২০ চনৰ ৩১ ডিচেম্বৰত চাৰ্জছীট দাখিল কৰে ৷

উত্তৰ শালমাৰাৰ অভয়াপুৰীৰ বিশেষ আদালতে P22(A)/2021 নম্বৰত এই গোচৰ পঞ্জীভুক্ত কৰি POCSOৰ ৪ নম্বৰ ধাৰা সলনি কৰি ৬নম্বৰ ধাৰাৰ অধীনত বিচাৰ চলায় ৷

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে মহামান্য আদালতে দিলীপ মণ্ডল ওৰফে দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও ৫০ হেজাৰ টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ কাৰাবাসৰ ৰায়দান কৰে ৷ গোচৰীয়া পক্ষৰ হৈ ওকালতি কৰে চৰকাৰী বিশেষ অধিবক্তা গৌতম চৌধুৰীয়ে৷ পাষণ্ড দিলীপৰ বিৰুদ্ধে আদালতৰ এই ৰায়ৰ শলাগ লৈছে স্থানীয় ৰাইজ তথা দল সংগঠনে।

Leave A Reply