Breaking

কোৰোণাৰ আক্ৰান্তৰ সাক্ষ্যগ্ৰহণ কৰিছিল নগাঁৱৰ ন্যায়িক দণ্ডাধীশে । নগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী দণ্ডাধীশসহ ৫ জনৰ দেহত কোৰোণাৰ অৱস্থিতি ।

0 844

নগাঁও : নগাঁও জিলাৰ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫ জনকৈ লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰৰ দিনটোত ক’ভি়ড-১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী ক্ৰমে- ইকবাল আলম ফানাৰ্জী, ছালেহ আহাম্মদ, নিলাভ নয়ন ডেকা, দিলদাৰ হুছেইন খান আৰু মৃন্ময় জ্যোতি নাথ। ইয়াৰে ইকবাল আলম ফানাৰ্জী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ও মুন্সিফ-১ আৰু ছালেহ আহাম্মদ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে নগাঁৱৰ আদালতত কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকী মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আনহাতে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ ৫ জনকৈ বিষয়া-কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে একেটা চৌহদতে থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়তো সম্প্ৰতি ব্যাপক আতংকৰ সৃষ্টি হয়। কাৰণ একেটা চৌহদতে জিলাখনৰ দুয়োটাকৈ গুৰুত্বপূৰ্ণ কাৰ্যালয় থকাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰায়ে ইজন সিজনৰ সংস্পৰ্শলৈ আহে। উল্লেখযোগ্য যে, কোৰোণাত আক্ৰান্ত ৫ জন ব্যক্তিৰেই বৰ্তমান সময়লৈকে নাই কোনো ভ্ৰমণ বৃত্তান্ত। কিন্তু যোৱা ১৬ জুনত কোৰোণাত আক্ৰান্ত এগৰাকী নাবালিকাক হাজিৰ কৰিছিল জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আৰু সেই কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা ১২ গৰাকী আৰক্ষীকো জিলা স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টেইন কৰিছিল। সেইগৰাকী কিশোৰীৰ সাক্ষ্য গ্ৰহণৰ বাবেই অতিৰিক্ত মুখ্য ন্যায়িক  দণ্ডাধীশ ছালেহ আহাম্মদসহ ৫ জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ এক সূত্ৰই।

Leave A Reply