Breaking

বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়ক প্ৰহাৰ উদণ্ড দম্পতীৰ

0 117

 বোকাজান

 বোকাজান নগৰৰ মাজমজিয়াত আজি আৰক্ষী থানাৰ সন্মুখতে থকা এটা আস্থা নামৰ অবৈধ ট্ৰেন্সপ’ৰ্টৰ স্বয়ম্ভূ গৰাকী অমৃত (মদন) মেচ আৰু তেওঁৰ পত্নী ৰীতা দত্ত মেছে এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে বোকাজান আৰক্ষী থানাৰ সন্মুখতে অমৃত মেছে কিছুদিন পূৰ্বে সম্পূৰ্ণ নথিপত্ৰবিহীনভাৱে আস্থা নামৰ এটা পৰিবহন সামগ্ৰী সৰবৰাহ কৰা কায্যলয় আৰু গুদাম গৃহ স্থাপন কৰে৷ এই গুদাম ঘৰটোত তেওঁ অবৈধভাৱে বিভিন্ন ট্ৰেন্সপ’ৰ্টৰ সামগ্ৰী ৰখাৰ লগতে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে জুইশলাৰ একাধিক কাৰ্টুন, চেগুন কাঠ, সন্দেহজনক তেল আৰু ভাৰতীয় খাদ্য নিগমৰ চাউল মজুত ৰখাত এই বিষয়ে ৰাইজৰ মাজত সৰৱ চৰ্চা  হৈ থকাত আজি আৰক্ষী বিষয়াগৰাকী গৈ গুদাম ঘৰৰ বাহিৰত উপস্থিত হৈ এই বিষয়ে সোধপোচ কৰি গুদাম ঘৰটোৰ নামত থাকিব লগীয়া যাৱতীয় নথিপত্ৰ বিচাৰে৷ তেনে সময়তে ঘটনাৰ কালপ্ৰীত অবৈধ গুদামটোৰ গৰাকী উদণ্ড অমৃত (মদন) মেচ হঠাৎ  খঙত অগ্নিশর্মা হৈ আৰক্ষী বিষয়াগৰাকীক অকস্মাৎ আক্ৰমণ কৰি তেওঁৰ ওপৰত জঁপিয়াই পৰে। সেই সময়ত অমৃতৰ পত্নী ঘৰৰ পৰা ওলাই আহি আৰক্ষী বিষয়া গৰাকীক প্ৰচণ্ড চৰ সোধায়। এনে পৰিস্থিতিত আৰক্ষী থানাৰ অন্য এগৰাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ  হস্তক্ষেপৰ বাবে যায় যদিও তেওঁলৈও চুচা লৈ প্ৰহাৰ কৰিবলৈ উদ্যত হয় উদণ্ড মেচ দম্পতীয়ে। উক্ত সময়ত থানাৰ সন্মুখতে হুলস্থলীয় পৰিস্থিতি উদ্ভৱ হোৱাৰ কথা জানিব পাৰি বোকাজান আৰক্ষী থানাৰ ভাৰাপাপ্ত আৰক্ষী বিষয়াগৰাকী সদলবলে লৰালৰিকৈ থানাৰ পৰা দৌৰি ওলাই আহি আক্ৰমণকাৰী গিৰিয়েক-ঘৈণীয়েক দুয়োকে বশ কৰি লৈ আটক কৰি থানালৈ লৈ আহে। পৰৱৰ্তী সময়ত  আৰক্ষীয়ে উদণ্ড দম্পতীক স্বাস্থ্য পৰীক্ষা কৰাই ততাটিয়াকৈ জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে অমৃত(মদন) মেচ এগৰাকী চৰকাৰী গাঁও বুঢ়া বুলি অঞ্চলটোত জনাজাত আৰু এই গাঁও বুঢ়াই চৰকাৰী দায়িত্বত থাকি মাফিয়া ৰাজেৰে দীৰ্ঘদিন ধৰি বিভিন্ন অসমাজিক কৰ্মত লিপ্ত হৈ আহিছিল বুলি ৰাইজে কব খোজে । ঘটনাৰ পাছতেই বোকাজান মহকুমা আৰক্ষী বিষয়া গৰাকী ঘটনা স্থলীত উপস্থিত হৈ অধিক তদন্ত কৰাৰ লগতে বোকাজান মহকুমাধিপতি কাৰ্যলয়ৰ দুজনকৈ মহকুমা দণ্ডাধীশ উপস্থিত হৈ উদণ্ড অমৃত মেচ ৰ বাস গৃহ সংলগ্ন গুদাম ঘৰ তো পৰীক্ষা কৰি ছিল কৰি দিয়ে । এই ঘটনাই এতিয়া  সমগ্ৰ বোকাজান মহকুমাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Leave A Reply