Breaking

৭ মেৰ পৰা ওৰাং আৰু ধনশ্ৰীঘাটত ১৮ ৰ পৰা ৪৪ বছৰলৈ কভিড ১৯ৰ Covaxin প্ৰদানৰ আৰাম্ভনি

0 2,039

ওদালগুৰি জিলাৰ ওৰাঙত ৭মে ৰ পৰা ১৮ বছৰৰ  পৰা ৪৪ বছৰলৈ  ওৰাং প্ৰাথমিক বিদ্যালয় আৰু ধনশ্ৰীঘাটস্থিত ধনশ্ৰীঘাট শ্বহীদ  স্মৃতি সংঘ ও পুথিভঁৰাল কভিড ১৯ৰ ক’ ভেকচিন (Covaxin ) প্ৰদান কৰা  হব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জনাইছে ৷ ইচ্ছুক সকলে ৱেব ছাইট  Www.cowin.gov.in ৰেজিষ্ট্ৰেচন কৰি পৰ্য্যবেক্ষন কৰিবলৈ আহ্বান জনোবা হৈছে ৷আৰু  ইতিমধ্যে  ৰেজিষ্ট্ৰেচন কৰা সকলে কভিড ১৯ ভেকচিন লোৱাৰ সুবিধা অনুসৰি  স্থান সমুহ নিৰ্ধাৰণ তথা বাচনি কৰাৰ বাবে  স্বাস্থ্য বিভাগে জনাইছে ৷আনহাতে  সমগ্ৰ দেশতে ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাত দিনে দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৫ মেলৈ ওদালগুৰিত ৫৮ গৰাকী  কভিড ১৯ ত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৫ মেলৈ  আক্ৰান্তৰ সংখ্যা ২৭৬  জনলৈ বৃদ্ধি পালে ।স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ৫ মেলৈ   ৭১১ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৫৮ গৰাকী দেহত  কৰোনা আক্ৰান্ত ধৰা পৰে ।।ইয়াৰ ভিতৰৰ ৪২ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৪৬৯ গৰাকী হোম আইচিলেচনত আছে। সেয়ে সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।

Leave A Reply