Breaking

চুমিলা ৰংহাংপীৰ মৃত্যুৰ ৰাজহুৱা শুনানীৰ দিন ধাৰ্য্য

0 2,025

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত চুমিলা ৰংহাংপী নামৰ কিশোৰী গৰাকী অগ্নি দগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া তদন্ত সমিতিয়ে তদন্ত আৰম্ভ কৰিছে। এই তদন্ত সঠিকভাৱে আগবঢ়াই নিবৰ বাবে তদন্ত সমিতিয়ে ৰাজহুৱা শুনাণী গ্ৰহণ কৰিছে। সেই অনুসৰি ১১ মে’ দিনৰ ১০ বজাৰ পৰা ৩ বজালৈ ৰহা ৰাজহ চক্ৰৰ কাৰ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হ’ব। একেদৰে ১৫ মে’ দিনৰ ১০ বজাৰ পৰা ২ বজালৈ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত থকা উপায়ুক্ত কাৰ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত কৰা হ’ব। এই শুনানীত ব্যক্তি, সংগঠন, সংস্থা আদিয়ে স্মাৰক পত্ৰ, পৰামৰ্শ, মতামত দিব পাৰিব বুলি নগাঁও জিলা জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সংশ্লিষ্ট সকলোকে সেই দুই দিনৰ শুনানীত উপস্থিত থাকিবলৈ জিলা জনসংযোগ বিভাগে আহ্বান জনাইছে। উল্লেখ্য যে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰত বন কৰা হিচাপে থকা কিশোৰী গৰাকীৰ মৃত্যু হৈছিল বুলি জনসংযোগ বিভাগে জানিবলৈ দিয়ে।

Leave A Reply