Breaking

গহপুৰৰ ককিলা পথাৰত উদ্ধাৰ এটি কনমাণিৰ মৃত দেহ…

0 72

গহপুৰৰ ককিলা পথাৰত এটি শিশুৰ মৃত দেহ উদ্ধাৰ । ককিলা পথাৰত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। গহপুৰৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে ।শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত হৈছে।জানিবপৰা মতে শিশুটিৰ আজি এবছৰীয়া জন্মদিন আছিল। এবছৰীয়া জন্মদিন উপলক্ষে কালি সন্ধিয়া ৬ বজাত ঘৰৰ পৰা শিশুটি দেউতাকৰ লগত ওলাই আহিছিল বজাৰ কৰিবলৈ বুলি। উক্ত সময়ৰ পৰা পিতা পুত্ৰ সন্ধানহীন হৈ আছিল।

ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হোৱা শিশুটিৰ নাম পৰাগজ্যোতি বৰদলৈ। সম্প্ৰতি পিতৃ শচীন বৰদলৈ সন্ধানহীন হৈ আছে।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ প্ৰতিবেদন

Leave A Reply