Breaking

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু ।

0 2,016

ড্ৰাগছৰ ঘাটিলৈ এতিয়া পৰিণত হৈছে গোলাঘাট জিলাৰ সমগ্ৰ বৰপথাৰ অঞ্চল। বৰপথাৰ আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ বাবেই নিতৌ অঞ্চলটোতে বৃদ্ধি পাইছে নিষিদ্ধ আৰু মাৰাত্মক ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা । ঘটনাৰ বিৱৰণী অনুসৰি বৰপথাৰ নগৰৰ গেলাবিল তিনি আলিৰ কিছু সমীপত ৰাস্তাৰ কাষতে নিশা প্ৰায় 9.30 মান বজাত মটৰ চাইকেলত থকা পাচ জন যুৱকৰ সৈতে ড্ৰাগছ সেৱন কৰিছিল মৃত অবিনাশ ফুকনে। বৰপথাৰৰ নগৰৰ মাজমজিয়াত ৰাজহুৱা স্থানত এনেদৰে মাৰাত্মক আৰু নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই এতিয়া বৰপথাৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। উল্লেখ্যোগ্য যে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ আসক্ত আছিল ছাত্ৰজন।
বৰপথাৰৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এই ঘটনাৰ লগত জড়িত সকলক অতি শীঘ্ৰেই কঠোৰ বিহিত ব্যৱস্থা লবলৈ আৰু ভয়ানক ড্ৰাগছৰ কবলৰ পৰা সমগ্ৰ বৰপথাৰখনক মুক্ত কৰিবলৈ দাবী জনাইছে ।

Leave A Reply