Breaking

যৌতুকৰ বাবে স্বামীগৃহই নিৰ্মমভাৱে অত্যাচাৰ কৰা মহিলাৰ মৃত্যু। তিনিমাহ মৃত্যুৰে যুঁজি হাৰ মানিলে কণমানি সন্তানৰ মাতৃয়ে

0 1,288

নগাঁও : যৌতুকৰ বাবেই ৩ মাহ মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে এগৰাকী মহিলাই। ৰাজ্যত নিতৌ বৃদ্ধি পাইছে যৌতুকজনিত ঘটনা৷ তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে নগাঁও জিলাৰ উলুৱনী আৰক্ষী থানা চুলোং আৰক্ষী চকীৰ ১ নং বৰঘুলিত৷ ৩ বছৰ আগতে ১ নং বৰঘুলিৰ নবি হুছেইনৰ লগত সামাজিকভাৱে ডবকাৰ কেৰামত আলীৰ কন্যা ছবিনা বেগমে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা স্বামীৰ পৰিয়ালৰ লোকে যৌতুক বিচাৰি বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছিল। ছবিনাৰ পিতৃৰ অভিযোগ অনুসৰি বিগত এপ্ৰিল মাহত স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে যৌতুকৰ বাবেই তেঁওৰ কন্যাক নিৰ্মম অত্যাচাৰ কৰি শৰীৰত কেৰাচিন তেল ঢালি জুই লগাই দিছিল৷ শৰীৰৰ অধিকাংশই অগ্নিদগ্ধ হোৱা ছবিনাৰ দুৰ্ভগীয়া পিতৃয়ে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল গুৱাহাটীৰ গেট হস্পিতাললৈ। কিন্তু বহুদিন চিকিৎসাৰ অন্তত চিকিৎসাৰ খৰছ বহন কৰিব নোৱাৰি তেওঁ ছবিনাক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সোমবাৰে নিশা মৃত্যুৰে যুঁজি হাৰ মানিলে তেঁওৰ কন্যাই। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ছবিনাৰ এটি কণমানি পুত্ৰ সন্তানো আছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই ছবিনাৰ পিতৃয়ে উলুৱনী থানাত ৪৩/ ২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল যদিও বৰ্তমানলৈকে স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা ন’ললে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮(এ)/ ৩২৬/৩০৭/৩৪ ধাৰাত ছবিনাৰ স্বামী ৰকিবুল হাছানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে তেঁওৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও ৰহস্যজনক। আনহাতে এটি কণমানি সন্তানৰ মাতৃক এইদৰে অত্যাচাৰ কৰি হত্যা কৰা ঘটনাৰ উচিত বিচাৰৰ দাবী তুলিছে বৰঘূলিৰ ৰাইজে।

Leave A Reply