Breaking

ফণীধৰ বৰাৰ মৃত্যুক লৈ আজিও উত্তাল জাজৰি : উচিত শাস্তিৰ দাবী। ফাষ্ট ট্ৰেক আদালতত গোচৰ চলোৱাৰ প্ৰতিশ্ৰুতি : অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।

0 43

নগাঁও

আৰক্ষীৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লোৱা জাজৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ হত্যাৰ উচিত শাস্তিৰ দাবীত আজি বন্ধ ৰখা হয় জাজৰি বজাৰ। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বৰাই জাজৰি ব্যৱসায়ী সন্থাৰো সভাপতিৰ দায়িত্ব বহন কৰিছিল। ইতিমধ্যে নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত আৰক্ষীৰ জোৱান পৰেশ শৰ্মা আৰু আটাউৰ ৰহমানৰ বিৰুদ্ধে ২৪১/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে লগতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্যকো আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰিছে। কিন্তু জাজৰি তথা বৃহত্তৰ অঞ্চলৰ এগৰাকী সৰবৰহী ব্যক্তি ৰূপে পৰিচিত ফণীধৰ বৰাৰ মৃত্যুৰ ঘটনাক সহজে ল’ব পৰা নাই শোকস্তব্ধ অঞ্চলবাসীয়ে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদক প্ৰয়াত ফণীধৰ বৰাই জাজৰি থানাত নৱনিৰ্মিত শিৱমন্দিৰৰ নামত সংঘটিত হোৱা দূৰ্নীতি উন্মোচন কৰাৰ বাবেই এইদৰে নিমৰ্ম ভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ’ল তেঁওক। আনকি জাজৰি আৰক্ষী থানাত পূৰ্বে কৰ্মৰত তৰণী এগৰাকীয়েও সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ জাজৰি আৰক্ষীৰ কু-কীৰ্তিৰ বিষয়ে বৰ্ণনা কৰে। ইপিনে ফণীধৰ বৰাৰ বাসগৃহত আজি পুৱাই কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি তথা বিধায়ক ৰকিবুল হুছেইন  প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু কংগ্ৰেছ নেত্ৰী শিৱামণি বৰা উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালবৰ্গক সান্তনা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্তৰ দাবী তোলে। দিনৰ প্ৰায় ১বজাত ফণীধৰ বৰাৰ গৃহত আহি উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়েও পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে ১লাখ টকাৰ এককালীন সাহাৰ্যও প্ৰদান কৰে। আৰক্ষী বিষয়া গৰাকীয়ে ১৫দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাক নিৰ্দেশ দিয়াৰ লগতে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবে চেষ্টা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য শেহতীয়া ভাৱে নগাঁও জিলাত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ দুগৰাকী জোৱানৰ এনে কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে। যোৱা ১৭ মাৰ্চত নগাঁও চহৰৰ ম’হখুলিত আৰক্ষী বিষয়াক মাৰ-পিট কৰি পিষ্টল কাঢ়ি নিয়া ড্ৰাগছ মাফিয়াইমতিয়াজ আলীক আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ইয়াৰ উপৰিও বৰঘাট বাইপাছত আৰক্ষীৰ বাহনত আক্ৰমণ, বটদ্ৰৱাত আৰক্ষীক আক্ৰমণ, কৰৈয়ণীত অগ্নিদগ্ধ কৰি মহিলাক হত্যা কৰা, মৰিকলঙত বাহনসহ অগ্নিদগ্ধ কৰি অঘৰী ব্যক্তিক কৰা নৃশংস হত্যাৰ অন্তৰালত থকা জঘণ্য অপৰাধীক কৰায়ত্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী। সেয়ে জাজৰিত নিৰপৰাধী ব্যক্তিৰ ওপৰত আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে । ইপিনে জাজৰি আৰক্ষীৰ দানৱীয় অত্যাচাত মৃত্যু হোৱা ফণিধৰ বৰাৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা, জাজৰি শ্ৰমিক সন্থা, গাঁওৰক্ষী বাহিনী আৰু জাজৰি প্ৰেছ ক্লাৱৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বৰ্গীয় ফনীধৰ বৰাক।

Leave A Reply