Breaking

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা : মুগাৰ মাস্ক বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু কৰি তুলিছে নগাঁৱৰ এগৰাকী মহিলাই ।

0 68

নগাঁও

বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলী মহন্ত নামৰ মহিলাগৰাকীয়ে শেহতীয়া ভাৱে গুজৰাট, নতুন দিল্লীকে ধৰি বহি:ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰন কৰা গামোচাৰে নিৰ্মিত মাস্কে গ্ৰাহকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । শেহতীয়া ভাৱে জ্যোতি জিমলী মহন্তই অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰস্তুত কৰিছে কেবা হাজাৰ “অসমী” ব্ৰেণ্ডৰ মাস্ক। তাঁতশালৰ উদ্যোগৰে স্বাৱলম্বী হোৱা জিমলীয়ে ধেমাজিৰ ৬ টা পৰিয়ালক লৈ আৰম্ভ কৰা তাঁতশাল উদ্যোগে বিগত সময়ছোৱাত যথেষ্ট লাভাম্বিত হৈছিল যদিও লক ডাউনৰ ফলত জিমলীৰ তাঁতশালৰ উদ্যোগ কেইদিনমানৰ কাৰণে বন্ধ হৈ পৰিছিল। সেই সময়তে উদ্যোগী মহিলা গৰাকীয়ে নতুন চিন্তাৰে  আৰম্ভ কৰিছিল গামোচাৰে প্ৰস্তুত কৰা মাস্ক বনোৱাৰ কাম।  জ্যোতি জিমলী মহন্তই তৈয়াৰ কৰা  দুহেজাৰ গামোচাৰ মাস্ক শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্ব বেংকে। গুজৰাট আৰু নতুন দিল্লীৰ কেইবাটাও প্ৰতিষ্ঠানে জিমলীৰ পৰা গামোচাৰ মাস্ক ক্ৰয় কৰি গ্ৰাহকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এতিয়া মুগাৰ মাস্ক প্ৰস্তুতৰ বাবে জিমলী মহন্তক অনুৰোধ জনায়। ইতিমধ্যে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই জিমলীয়ে মুগা কাপোৰেৰে নিৰ্মিত মাস্ক  প্ৰস্তুত কৰি উলিয়াইছে  । উল্লেখযোগ্য যে মাস্ক প্ৰস্তুতকৰণৰে অসমীয়া শিপিনীক স্বাৱলম্বিতাৰ পথ দেখুওৱা জিমলী মহন্ত নামৰ মহিলা গৰাকীৰ এই সাফল্যই উৎসাহিত কৰিছে বহু অসমীয়া শিপিনীক। দুৰ্যোগৰ সময়তো দেশীয় বজাৰত অসমীয়া গামোচাৰ মাস্কৰ সমান্তৰাল ভাৱে কাপোৰৰ মাস্ক আৰু মুগাৰ মাস্কৰ চাহিদা বৃদ্ধি পোৱা ঘটনাই অসমীয়া বস্ত্ৰ উদ্যোগৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।

Leave A Reply