Breaking

ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত বৰাৰ বিয়োগ ৷

0 2,012

নগাঁৱৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথৰ বাসিন্দা ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ কালি সন্ধিয়া পাঁচ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯বছৰ। তেওঁ সুদীৰ্ঘ দিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ জন্ম হৈছিল ১৯৪৫চনত নগাঁও জিলাৰ শিঙিয়াত। তেওঁ ভাৰতীয় বায়ুসেনা বাহিনীৰ চাকৰিত যোগদান কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত অতি দক্ষতাৰে নিজৰ সেৱা আগবঢ়োৱাৰ অন্তত ২০০১চনৰ ডিচেম্বৰ মাহত দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ নগাঁও চহৰৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথ এলেকাত নিগাজীকৈ থাকিবলৈ লয়। তেতিয়াৰ পৰাই তেওঁ ডিমৰুগুৰি অঞ্চলত বিভিন্ন ধৰ্মীয়-সামাজিক কাম কাজৰ সৈতে জড়িত হৈ পৰে। তেওঁ ডিমৰুগুৰি নামঘৰ উন্নয়ন সমিতি,দুৰ্গা মন্দিৰ সমিতি,কালি মন্দিৰ সমিতি, পূবেৰুণ পথ উন্নয়ন সমিতি আদিৰ সৈতে জড়িত আছিল। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যথেষ্ট পৰিমাণৰ দান বৰঙণি আগবঢ়োৱাৰ উপৰিও দৰিদ্ৰ আৰু অসহায় জনকো আৰ্থিক ভাৱে সহায় কৰিছিল। অত্যন্ত নিয়মানুৱৰ্তী বৰা ডিমৰুগুৰি অঞ্চলৰ ৰাইজৰ বাবে আদৰ্শস্বৰূপ আছিল। তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।ইপিনে,কালি তেখেতৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে পূৱেৰুণ পথৰ বাসগৃহত অসংখ্য লোকৰ সমাগম হয়।নিশাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আমোলাপট্টিৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ,বোৱাৰী,দুই নাতি সহ বহু ইষ্ট কুটুম্বক ইহ সংসাত এৰি থৈ যায়।

Leave A Reply