Breaking

উপায়ুক্ত অতিৰিক্ত উপায়ুক্তই ব্যৱহাৰ নকৰে ক্ষমতা। ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ…

0 41

এগৰাকী জিলা উপায়ুক্ত অথবা অতিৰিক্ত উপায়ুক্তৰ ক্ষমতা যথেষ্ট। কিন্তু তেওঁলোকে ক্ষমতা ব্যৱহাৰ কৰাৰ সলনি চৰকাৰৰ মুখলৈ চাই থাকে। এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। মন্ত্ৰী বৰুৱাৰ স্পষ্ট কথা যে উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত সকলে বিদ্যালয় পৰিদৰ্শন কৰিব লাগে। শিক্ষক শিক্ষয়ত্ৰীৰ সৈতে মত বিনিময় কৰিব লাগে । কৰ্তব্যত গাফিলতি কৰা কৰ্মচাৰী বিষয়াক সেই স্থানতেই নিলম্বিত কৰিব লাগে বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰী গৰাকীয়ে ক্ষমতা থাকিওঁ ডিচি বা এডিচি সকলে চৰকাৰৰ মুখলৈ চাই থাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এনে কাৰ্যৰ বাবে চৰকাৰৰ পৰা বা শিক্ষা মন্ত্ৰীৰ পৰা অনুমতি লব নালাগে বুলি মত প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই ডিচি বা এডিচি সকলে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে চৰকাৰে ব্যৱস্হা গ্ৰহন কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অপ্ৰিয় হ’লেও সত্য যে জিলা এখনৰ প্ৰশাসনিক মুৰব্বী হিচাপে উপায়ুক্ত গৰাকীৰ হাতত থাকে অধিক ক্ষমতা। কিন্তু অধিকাংশ উপায়ুক্তই জিলাখনৰ চৰকাৰী কাৰ্যালয় আকস্মিক পৰিদৰ্শন কৰাৰ উদাহৰণ নাই বুলি কব পাৰি। এনে বহু উপায়ুক্তই আনকি চিকিৎসালয় পৰিদৰ্শন কৰাৰো নজিৰ কম। স্বয়ং মহানগৰ গুৱাহাটীৰ মাজমজিয়াত ভুৱা ফাৰ্মাচীকে ধৰি অবৈধ সুদ ব্যৱসায়ীৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সমান্তৰালকৈ পাহাৰৰ মাটি, বালি আদিৰ অবৈধ খনন মুকলিকৈ চলি থকাৰ পিছতো উপায়ুক্তই কঠোৰ ব্যৱস্হা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।

Leave A Reply