Breaking

২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল ধেমাজি বোমা বিস্ফোৰণ ! এতিয়া বোমা বিস্ফোৰণৰ দোষমুক্ত অভিযুক্তলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ…

0 85

২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল ধেমাজি বোমা বিস্ফোৰণৰ জঘন্য হত্যাকাণ্ড। স্বাধীনতা দিবসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ ঘটাইছিল আলফাই ৷ সেই বিস্ফোৰণত ১০টা শিশু আৰু ৩ মহিলাৰ মৃত্যু হৈছিল ৷ লগতে শিশুসহ অৰ্ধশতাধিক লোক গুৰুতৰভাৱে আহত হৈছিল ৷ এতিয়া ২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ দোষমুক্ত অভিযুক্তলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছিল এই অভিযুক্তসকলক ৷

২০১৯ চনৰ ৪ জুলাইত সেই ৰায় দিছিল ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ৷ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল ৷ দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ, প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক চাৰিবছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল।

দোষীয়ে সেই ৰায়দানক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছিল এই অভিযুক্তসকলক ৷ কিন্তু শেহতীয়াকৈ সেই ৰায়ক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰাজ্য চৰকাৰ ৷ বোমা বিস্ফোৰণৰ দোষমুক্ত অভিযুক্তলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

Leave A Reply