Breaking

চাৰিপুনীয়া বিলৰ পাৰত মীন বিভাগৰ ফিছ লেণ্ডিং চেণ্টাৰ মুকলি জিলা আয়ুক্তৰ

0 43

অসম কৃষি বাণিজ্য আৰু গ্রাম্য ৰূপান্তকৰণ প্ৰকল্প (এপাৰ্ট ২০২১-২২) ৰ অধীনত মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ চাৰিপুনীয়া বিলৰ পাৰত মীন বিভাগে নিৰ্মাণ কৰা ফিছ লেণ্ডিং চেণ্টাৰটো শনিবাৰে মুকলি কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শনিবাৰে চাৰিপুনীয়া বিল উন্নয়ন সমিতিৰ নামত নিৰ্মিত এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

যোৱা প্ৰায় ৩০ বছৰ ধৰি গাঁওখনৰ ২৫০ টা জনজাতীয় পৰিয়াল এই বিলখনৰ অংশীদাৰ হৈ আছে। জিলা আয়ুক্তগৰাকীয়ে বিল উন্নয়ন সমিতিৰ কাৰ্যকলাপৰ ভূঁয়সী প্ৰশংসা কৰি কয় যে এই বিলখন সমগ্ৰ মৰিগাঁও জিলাৰ বাবেই আদৰ্শ হোৱা উচিত। বিলখনৰ পৰা উপাৰ্জন হোৱা ধন গাঁওখনৰ বিভিন্ন সামাজিক তথা উন্নয়নমূলক কামত ব্যৱহাৰ হোৱাই নহয়, বৰং ২৫০ টা জনজাতীয় পৰিয়ালক একতাৰ একেডাল এনাজৰীৰে বান্ধি ৰাখিছে বুলি জানিব পাৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

মৰিগাঁও জিলাত মৎস্য উৎপাদনৰ বিপুল সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ নিবনুৱা যুৱক-যুৱতীসকলক এই কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ মীন বিভাগৰ এই প্ৰয়াসৰ শলাগ লয়। এপাৰ্টৰ অধীনত ৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই কেন্দ্ৰটোত মাছ ধৰাৰ পিছত সংৰক্ষণ কৰি ৰখা হ’ব আৰু তাৰ পৰাই বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে বিলখনৰ মাছ পালনৰ পৰা উপাৰ্জিত ধনেৰে বিল উন্নয়ন সমিতিয়ে পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য দিয়া, দুর্ঘটনাগ্ৰস্ত আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক সাহার্য্য প্ৰদান, স্থানীয় ধর্মীয় অনুষ্ঠানক সামগ্ৰী দিয়া আদি সামাজিক কাম-কাজ সম্পন্ন কৰি আহিছে। ক’ভিড মহামাৰীৰ সময়ত এই বিলৰ পৰা উপাৰ্জিত ধনেৰে সমিতিয়ে ক’ভিড পুঁজিলৈ ২০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছিল।

তদুপৰি গুজৰাটত হোৱা চুনামিৰ সময়তো বিল উন্নয়ন সমিতিয়ে ৫,০০০ টকাৰ সাহায্য আগবঢ়াইছিল। প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা বিলৰ অংশীদাৰ পৰিয়ালসমূহক মাছৰ লগতে ২০০০ টকাকৈ প্ৰদান কৰা হয়। বিলখনে অঞ্চলটোৰ আঢ়ৈশ পৰিয়ালক ঐক্যৰ একেডাল সূতাৰে বান্ধি ৰাখিছে।

যিকোনো অনুষ্ঠান অথবা সামাজিক কাৰ্যকলাপ এই বিলৰ পাৰতেই সমূহীয়াভাৱে সম্পন্ন কৰাৰ পৰম্পৰা আছে। আজিৰ অনুষ্ঠানত জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথ আৰু বিল উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

Leave A Reply