Breaking

৭৫ দিনৰ অন্তত আজিৰে পৰা মুকলি হৈছে ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ । সীমিত সংখ‍্যক গ্ৰাহকেৰে আৰম্ভ হৈছে জখলাবন্ধাৰ হোটেল ব‍্যৱসায় ।

0 744

কলিয়াবৰ :

দেশত প্ৰথমটো “আনলক”ৰ সময়ত দেশৰ জনসাধাৰণক কিছু সকাহ দিয়াৰ নিৰ্দেশনা দিয়া হৈছে। সেয়ে, আজি সুদীৰ্ঘ ৭৫ দিনৰ অন্তত দেশত সুৰক্ষাৰ নীতি নিৰ্দেশনাৰে আৰম্ভ হৈছে বাণিজ‍্যিক কাম-কাজ। মুকলি হৈছে বন্ধ হৈ থকা ধৰ্মীয় অনুষ্ঠানসমূহ।আজি কলিয়াবৰতো চৰকাৰী নীতি-নিৰ্দেশনা পালনেৰে মুকলি হৈছে ব‍্যৱসায়িক প্ৰতিষ্ঠান আৰু দুৰণিবটীয়া যাত্ৰীয়ে ভীৰ কৰা ধৰ্মীয় অনুষ্ঠানসমূহ।আজি পুৱাতেই দুৱাৰ মুকলি হ’ল কলিয়াবৰৰ ঐতিহাসিক বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠান ভঁৰালী নামঘৰ আৰু শালস্তম্ভ ৰজাৰ দিনত প্ৰতিষ্ঠিত অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ শ্ৰীশ্ৰীকামাখ‍্যা মন্দিৰৰ। তথা, জখলবন্ধাৰ নৃসিংহ দেৱালয়, দেউৰী চিলাবন্ধাৰ নন্দীকেশ্বৰ দেৱালয়, হাতীমূৰাৰ দুৰ্গা মন্দিৰৰ লগতে ঐতিহাসিক ধৰ্মীয় স্থলসমূহ। ভক্তৰ আগমণ সীমিত হ’লেও চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰিহে ভক্তৰ সেৱা গ্ৰহণ কৰা হ’ব বুলি জনায় পৰিচালনা সমিতিসমূহে। পুণৰ নীতি-নিৰ্দেশনা নিদিয়ালৈকে প্ৰসাদৰ ব‍্যৱস্থা কৰা নহয় বুলি সদৰি কৰে নামঘৰ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে।আনহাতে, চৌবিছ ঘণ্টাই দোকন-পোহাৰ খুলি ৰখা কলিয়াবৰৰ অন‍্যতম বাণিজ‍্যিক কেন্দ্ৰৰ আকৰ্ষণৰ অন‍্যতম কাৰণ হোটেলসমূহৰ আজিৰে পৰা পুণৰ চৌকাত জুই জ্বলিছে। যোৱা ৭৫ দিনীয়া জটিল সময়ছোৱা অতি কষ্টৰে পাৰ কৰা হোটেলৰ মালিক আৰু কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিছে। অৱশ‍্যে দুৰণিবটীয়া যাত্ৰীবাহী বাছসমূহ পূৰ্বৰ দৰে নচলালৈকে জখলাবন্ধাৰ পূৰ্বৰ প্ৰাণ চঞ্চল ৰূপ ঘূৰি অহা সম্ভৱ নহয়। চৰকাৰী নীতি-নিৰ্দেশনা পালনেৰে সীমিত সংখ‍্যক গ্ৰাহকৰ বাবেহে হোটেলসমূহে খাদ‍্য প্ৰস্তুত কৰিছে বুলি জনাইছে হোটে কৰ্তৃপক্ষই।

Leave A Reply