Breaking

নৱ প্ৰেৰণাৰে জগত জিনাৰ সপোন কেইজনমান নিচা মুক্ত যুৱকৰ

0 2,069

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৃহৎ বেচৰকাৰী অনুষ্ঠান  আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ দ্বাৰা পৰিচালিত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰৰ পৰা  আৰোগ্য লাভ কৰা যুৱকৰ দ্বাৰা প্ৰদৰ্শনী  মূলক ফুটবল খেলৰ আয়োজন কৰে চাংলাং জিলা প্ৰশাসন আৰু আৰ, কে, মচাং, মেমৰীয়েল চচাইটি’য়ে। অৰুণাচল প্ৰদেশৰ অন্যতম সৰ্ববৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ কে মচাং মেমৰীয়েল চচাইটিয়ে ১৯৯৩ চনৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত শিক্ষা,স্বাস্থ্য আৰু জীৱিকাৰ ওপৰত ধাৰাবাহিক ভাৱে অৱদান আগবঢ়াই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অনুষ্ঠানটোৱে বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ বিভিন্ন গাঁৱৰ উঠি অহা নৱপ্ৰজন্ম ৰাগীয়াল দ্ৰব্য , ড্ৰাগছ, কানি, সুৰা ইত্যাদি সেৱনত আসক্ত হৈ বিপথে পৰিচালিত হোৱা প্ৰত্যক্ষ কৰি আহিছে। এই নিচাসক্ত যুৱকসকলক  নিচামুক্ত কৰি তোলাৰ উদ্দেশ্যে প্ৰায় এমাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ বৰডুমচাত এক মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। আৰ,কে,মচাং মেমৰীয়েল চচাইটিয়ে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সৈতে ড্ৰাগছ আসক্ত  যুৱক সকলক আসক্ত মুক্ত কৰাৰ উদ্দেশ্যে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত অৰুণাচল প্ৰদেশ চৰকাৰে ১০ গৰাকী যুৱকৰ বাবে মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ এটা মুকলি কৰিবলৈ পুঁজি আৱন্তন দিয়ে যদিও চাংলাং জিলাৰ অতিকৈ দুৰ্গম কেৱল লঙ্কা আৰু লুংভি গাওঁ দুখনতে প্ৰায় ৪০ গৰাকীৰো অধিক ড্ৰাগছ আসক্ত যুৱকে নিজৰ জীৱনটোকে তুচ্ছ জ্ঞান কৰি একপ্ৰকাৰ গাঁৱৰ পৰিবেশ বিনষ্ট কৰি তোলে।

তেনে ক্ষেত্ৰত আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰ মেন কমেলি মচাং আৰু সংস্থাটোৰ সঞ্চালক অৰূপ কুমাৰ চৌধুৰীয়ে চাংলাং জিলা উপায়ুক্ত দেৱান্স যাদৱৰ লগত আলোচনাত মিলিত হৈ ড্ৰাগছৰ প্ৰতি আসক্ত যুৱক সকলক দ্ৰুতগতিত আৰোগ্য কৰি তোলাৰ উদ্দেশ্যে উক্ত কেন্দ্ৰত চিকিৎসাৰ বাবে অনুমতি বিচাৰে । এই ক্ষেত্ৰত চাংলাং জিলা উপায়ুক্ত মহোদয়ে ১০ জনৰ আৱন্তনৰ বিপৰীতে প্ৰায় ৪২ জন ড্ৰাগছ আসক্ত যুৱকক উক্ত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰত চিকিৎসাৰ বাবে  প্ৰয়োজনীয় সকলো যাৱতীয় সুবিধা প্ৰদান কৰে। এমাহৰ ভিতৰতেই চাংলাং জিলাৰ লঙ্কা আৰু লুংভি গাঁৱৰ ড্ৰাগছ আসক্ত যুৱক সকল আসক্ত মুক্ত হোৱাত শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত ষ্টেডিয়ামত দুয়োখন গাৱঁৰ যুৱক সকলৰ মাজত প্ৰদৰ্শনীমূলক ভাৱে এখন ফুটবল খেল অনুষ্ঠিত হয়।  এই ক্ষেত্ৰত আৰ কে মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰমেন কমেলি মচাং , সঞ্চালক অৰূপ কুমাৰ চৌধুৰী আৰু চাংলাং জিলাৰ উপায়ুক্ত দেৱান্স যাদৱ সকলোৰে অশেষ প্ৰচেষ্টাত নৱ প্ৰজন্মৰ এই সকল যুৱকক পুনৰ জনম দিয়া বুলি জানিবলৈ দিয়ে খোদ যুৱকসকলে।লগতে যুৱক সকলে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে যে ভৱিষ্যতে কেতিয়াও এনে ধৰণৰ অসৎ পথেৰে তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা নকৰে আৰু উঠি অহা নৱ প্ৰজন্ময়ো যাতে এনে ধৰণৰ বদ অভ্যাসৰ কৱলত নপৰে তাৰ বাবে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি যাব।

Leave A Reply