ভেৰগাঁও সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

টংলা : ওদালগুৰি জিলাৰ ভেৰগাৱঁৰ বদোৰা আৰু শুক্লাইত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰি কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফে অভিলেষ সংখ্যক আসনত জয়ী হব। তেওঁ কয় যে বিপি এফে ৩৭ খন আসনত প্ৰতিদণ্ডিতা কৰিছে আৰু ৩৭ খন আসনতেই জয়ী হব। ইউপিপিএল বা আন দলে কেতিয়াও বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰে। এই দলবোৰৰ বিটিচিত কোনো স্থান নাই বুলিও তেও কয়। চতুৰ্থ বাৰৰ বাবে বিটিচিত বিপিএফেই চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত। তেওঁ কয় যে আবছুৰ পৰা ফালৰি কাটি আহি প্ৰমোদ বড়োই ইউ পি পি এলৰ সভাপতিৰ পদ ললেও তেও যে বড়ো জাতিক ঠগাই আছে সেই কথা বড়ো ৰাইজে বুজিবলৈ বাকী নাই। মহিলাৰীয়ে কয় প্ৰমোদ বড়োই চুক্তি কৰা বিটিআৰ চুক্তি খন হৈছে এটি শুন্যময় চুক্তি। এই চুক্তিয়ে বড়ো জাতিক ধ্বংস কৰিব সেয়া নিশ্চিত হৈছে।সেই চুক্তিত বড়ো জাতিৰ বাদে আইন কোনো জাতি জনজাতিৰ কথা উল্লেখ নাই। এই চুক্তিয়ে বিটিচিত বসবাস কৰি থকা জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ ধ্বংস কৰিছে। এই চুক্তি মতে বিটিচিত বসবাস কাৰী আন জাতি জনগোষ্ঠীক উচ্ছেদ কৰা হব কিন্তু বিপিএফে ভুমি পট্টা বিতৰন কৰাৰ ওপৰিও মাটি কিনা বেচাৰ আহোৱা সমুহ দুৰ কৰা হব। তেওঁ আন এক প্ৰসংগত কয় যে ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়ো হৈছে এজন চতুৰ বেপাৰী কিয়নো ইমান দিনে পৃথক বড়ো ৰাজ্যৰ দাবী কৰি আহি ৰাজনৈতিক লাভালাভৰ বাবে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰি বড়ো জাতিৰ লগত বিশ্বাস ঘাতক কৰাই নহয় বড়ো জাতিটোক লেং মাৰিলে। তেওঁ কয় বিজেপিৰে গোপন বুজাবুজি কৰি নিৰ্বাচনত নামিলেও এইবাৰ বিটিচিৰ ৰাইজে তেওলোকৰ মতলব বুজি পাই কোনেও ভোট প্ৰদান নকৰে সেইটো খাটাং। বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ সংখ্যা হব ০ এজিপিৰ ১ আৰু বিজেপিৰ ২।ইউ পি পি এলে চাকৰি দিয়াৰ নামত যিবোৰ ফৰ্ম বিতৰন কৰি আছে সেই বোৰ মিছা বুলিও মহিলাৰীয়ে কয়। ৩২ নং ভেৰগাও পৰিষদীয় সমষ্টীৰ বিপিএফ প্ৰাৰ্থী নেৰচন বড়োৰ হৈ সমষ্টীটোৰ শুক্লাইত অনুষ্ঠিত কৰ্মী সভাতো তেও অংশ গ্ৰহন কৰে।অনুষ্ঠান দুটাত পানেৰী বিধান সভাৰ বিধায়িকা কমলী বসুমাতাৰী, কলাইগাৱৰ বিধায়ক মহেশ্বৰ বড়ো আৰু প্ৰাক্তন ই এম ত্ৰয় জগদীশ সৰকাৰ, লৌমশ্ৰাও দৈমাৰী আৰু বনজাৰ দৈমাৰী। প্ৰবল বৰষুনকো নেউচি সভা দুটাত মানুহৰ সমাগম যথেষ্ট হয়।

Related Articles