Breaking

২০২৩ বৰ্ষটোত আমাৰ দেশৰ ঘটনা-পৰিঘটনা : এটি পৰ্যালোচনা…

0 158

২০২৩ বৰ্ষটোত আমাৰ দেশত নানা ঘটনা-পৰিঘটনাৰে ভৰি আছে। এই বৰ্ষত ভাৰতৰ বিজ্ঞানী সকলৰ বিশেষ সাফল্য, খেল জগতত ভাৰতৰ চমকপ্ৰদ অগ্ৰসৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত উন্নত শিখৰত উপনীত হোৱা পৰিলক্ষিত হৈছে। উদাহৰণ হিচাপে, ২০২৩ চনত বিশ্ব পৰিৱেশ দিৱস”ৰ প্ৰতিপাদ্য বিষয় ,” প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক” গোটেই ভাৰততে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ২০২৩ চনত ভাৰতত আয়োজিত ” বিশ্ব কাপ ক্ৰিকেট” ভাৰতে চতুৰ্থ বাৰৰ বাবে কোনো দেশৰ সহায় নোলোৱাকৈ অকলে অনুষ্ঠিত কৰি সুনাম আৰ্জিছিল। এই খেল ৯ ফেব্ৰুৱাৰীৰ পৰা ২৬ মাৰ্চলৈকে চলি আছিল। পৃথিৱীৰ দহখন দলে অংশগ্ৰহণ কৰা এই ক্ৰিকেট খেলত অষ্ট্ৰেলিয়া ( ছষ্ঠ বাৰৰ বাবে) বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৩ চনটোত দুটা সূৰ্যগ্ৰহণ আৰু এটা চন্দ্ৰ গ্ৰহণ হৈছিল যদিও সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাৰতত বাৰুকৈয়ে পৰা নাছিল। কৰোনা ব্যাধিৰ প্ৰভাৱ নাছিল বুলি কব পাৰি যদিও বছৰটোৰ শেষৰ পিনে ইয়াৰ প্ৰাদুৰ্ভাৱ ঘটা চিন্তনীয় বিষয় হৈছে। এন এফ ডি চি ইণ্ডিয়াই ফ্লিম বজাৰত ২০২৩ ত সহ প্ৰযোজনা মাৰ্কেট ফিচাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ বাবে বাছনি ঘোষণা কৰিছিল ; য’ত এঘাৰ খন দেশৰ বিশটা প্ৰকল্পত হিন্দী, ইংৰাজী, বঙালী, মাৰাঠী, গুজৰাটী,উৰিয়া, সিংহলী, জাৰ্মান, আৰু হিব্ৰু আদি ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা আছে। এইবাৰ ১৯ সংখ্যক চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ভাৰতে ২৮ টা স্বৰ্ণ পদক, ৩৮ টা ৰূপৰ পদক আৰু ৪১ টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ ১০৭টা পদকেৰে আগৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছিল।


২০২৩ চনৰ জুলাই মাহৰ ১৪ তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ‘ জি এছ এল ভি মাৰ্ক ৩ ( এল ভি এম ৩) হেভি লিফ্ট উৎক্ষেপণ বাহনৰ জৰিয়তে দুপৰীয়া ২.৩৫ বজাত চন্দ্ৰ‌যান- ৩ অভিযান আৰম্ভ কৰি আগষ্ট মাহৰ ২৩ তাৰিখে চন্দ্ৰৰ অতি অন্ধকাৰাচ্ছন্ন চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰি গোটেই বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল।
ইয়াৰ পিছত ২ চেপ্তেম্বৰত সূৰ্য অভিমুখে “আদিত্য এল” যান অভিযানো বিজ্ঞানী সকলৰ চমকপ্ৰদ সাফল্য।
২০২৩ চনৰ ২৮ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীৰ সংসদ ভৱনৰ চেন্ট্ৰেল ভিষ্ট্ৰা উদ্বোধন কৰে। ৰফি মাৰ্গত অৱস্থিত চেন্ট্ৰেল ভিষ্ট্ৰাৰ চাৰিওফালে পুৰণি সংসদ ভৱন,বিজয় চ’ক , ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, উপৰাষ্ট্ৰপতিৰ বাসভৱন, হায়দৰাবাদ হাউচ, সচিবালয় ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বাসস্থান , মন্ত্ৰী ভৱন আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ হেজাৰ ৬০০ টা ভাৰতীয় বনৌষধি কেন্দ্ৰ উদ্বোধন কৰে; যাৰ দ্বাৰা প্ৰায় দেশৰ ১০/১২ লাখ লোক উপকৃত হ’ব। এই ঔষধসমূহৰ বজাৰ মূল্য ব্ৰেন্ডেড ঔষধৰ মূল্যতকৈ আধাৰো কম ।
ভাৰতৰ পাৰ্লিয়ামেন্টত কেন্দ্ৰীয় চৰকাৰে এক দেশ এক আইন, জাতীয় আইন ( UC C ) Uniform Civil Code) প্ৰৱৰ্তনৰ সিদ্ধান্ত লয় আৰু আৰু এক দেশ এক নাম পোষকতা কৰি ভাৰতবৰ্ষৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত নাম বাহাল কৰাৰ বাবে আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লয়। ” নাৰী শক্তি বন্দন অধিনিয়ম” সংসদত উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনত লোকসভা আৰু বিধানসভাত ভাৰতীয় নাৰীৰ বাবে ৩৩% সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত লয়। তদুপৰি ভাৰতৰ সংবিধানত উল্লেখ থকা ” ধৰ্ম -নিৰপেক্ষ” শব্দটো উঠাই দিবৰ বাবেও কেন্দ্ৰীয় চৰকাৰে কুচ-কাৱাজ চলাই আছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই নতুন দিল্লীত জি -২০ সভাপতিত্বত ই বুক ‘ পিপলছ জি -২০ ” উন্মোচন কৰে। গ্ৰন্থখনৰ প্ৰথম খণ্ডটিত ২০২৩ চনৰ ৯–১০ চেপ্তেম্বৰৰ ভিতৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা কীৰ্তিচিহ্ন-স্বৰূপ শীৰ্ষ সন্মিলনৰ বিষয়ে আলোচনা কৰা হৈছে।


ৰায় বৰেলিৰ ” মৰ্ডাণ ৰে’ল কোশ্ব ফেক্টৰীত ২০২৩ চনৰ এপ্ৰিল মাহত ১০০০০০ ডবা নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল।অসমৰ ৰাজ্যিক চৰকাৰে অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায়ত ২০২৩ চনৰ ১০ এপ্ৰিলৰ পৰা ৰাজ্যৰ ২৭ লাখ ৬০ হাজাৰ হিতাধিকাৰীক প্ৰতিমাহে ১২৫০ টকাকৈ আৰ্থিক অনুদান, এই আচঁনিত অন্তৰ্ভুক্ত বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অবিবাহিতা বা অকলশৰীয়া মহিলা, পদপথৰ বাসিন্দা, দিবাংগ, তৃতীয় লিংগ, চেৰিব্ৰেল পালছি, থেলাছেমিয়া, হিমফেলিয়া, কুষ্ঠ ৰোগী, অতিজিম, মানৱ সৰবৰাহ, ধৰ্ষণৰ বলি হোৱা, পকী ঘৰ নথকা পৰিয়াল, বৃদ্ধাশ্ৰমত থকা অসহায় পুৰুষ ইত্যাদি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪/১২/২০২৩ ইং নতুন দিল্লীৰ লালকিল্লাত প্ৰথম দ্বি-বাৰ্ষিক ভাৰতীয় কলা , স্থাপত্যবিদ্যা আদি মহোৎসৱ উদ্বোধন কৰে। পাঁচখন ৰাজ্য যেনে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, মিজোৰাম আৰু ছত্তীছগঢ় ৰ বিধানসভা নিৰ্বাচনত তিনিখন ৰাজ্যত বিজেপি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি মন্ত্ৰীসভা গঠন কৰিবলৈ সক্ষম হয়। তেলেংগানা ৰাজ্যত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা আৰু মিজোৰাম ৰাজ্যত জোৰাম পিপলছ মুভমেণ্ট দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে।
মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলিত বছৰত অপৰাধী দোষী সাব্যস্ত হোৱাৰ হাৰ ১০০ শতাংশৰ ওপৰত। কোনো উগ্ৰপন্থীৰ সমস্যা নাই। বিচাৰাধীন গোচৰৰ সংখ্যা ৪৮ শতাংশতকৈ হ্ৰাস হৈছে।
অপৰাধীৰ সংখ্যা পূৰ্বৰ ১ লাখতকৈও কমি ৬৯ হাজাৰ লৈ হ্ৰাস হৈছে। মহিলা আৰু শিশুৰ প্ৰতি কৰা অপৰাধৰ হাৰ ৫১ শতাংশলৈ হ্ৰাস। আমাৰ অসমৰ ৰাজ্যিক চৰকাৰে ৯ চেপ্তেম্বৰৰ পৰা ১৭ চেপ্তেম্বৰ লৈকে ” অমৃত বৃক্ষ আন্দোলন” ৰ কাৰ্যসূচী হাতত লৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ১ কোটি বৃক্ষ ৰোপন কৰে ; অমৃত কলহ ” কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পবিত্ৰ মাটি কলহত ভৰাই এক নৱ আন্দোলনৰ সূচনা কৰে। এপ্ৰিলৰ ১৪ তাৰিখে গুৱাহাটীৰ সৰু সজাই স্ ষ্টেডিয়ামত ৰাজ্যৰ ১১ হাজাৰ বিহুৱতী আৰু ঢুলীয়াৰ দলক লৈ ৰঙালী বিহু নৃত্য প্ৰদৰ্শন কৰি গিনিছ বুকত বিশ্ব ৰেকৰ্ড গঢ়াত অগ্ৰগতি ভূমিকা গ্ৰহণ কৰে।
সাংস্কৃতিক মহা সংগ্ৰাম আৰু খেল মহাৰণ আদি অনুষ্ঠিত কৰি ৰাজ্যৰ শিশুৰ পৰা যুৱ-চামক ৰাজ্যৰ থলুৱা সংগীত প্ৰতিযোগিতা, বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ ( পঞ্চায়ত বা ৱাৰ্ডৰ পৰা ক্ৰমান্বয়ে ৰাজ্যিক ভিত্তিত ) সূচনা কৰা এই বছৰটোৰ এক উল্লেখযোগ্য ঘটনা।
এইবোৰ ঘটনা-পৰিঘটনাৰ সফলতা লক্ষ্য কৰি দেশৰ বহুতে আনন্দত আত্মহাৰা হৈ পৰিছে যদিও আমি যদি আমাৰ দেশৰ ৰাজনৈতিক,সমাজনৈতিক, অৰ্থনৈতিক বা দেশৰ কোটি কোটি জনতাৰ মৌলিক প্ৰয়োজনীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত ভালদৰে পৰ্যবেক্ষণ কৰোঁ, তেতিয়া এই বৰ্ষটোত আমাৰ দেশে বাহ্যিক সফলতা লাভ কৰাৰ তুলনাত বিফলতাই চূড়ান্ত পৰ্য্যায় পাইছে যেন লাগিছে। উদাহৰণ হিচাপে আন্তঃগাথঁনিৰ উন্নয়নৰ নামত ঘোষিত চৰকাৰী কৰ্ম-সূচীবোৰ ৰূপায়নৰ নামত বিদেশী ঋণৰ বোজা ক্ৰমে বৃদ্ধি হৈ আছে। দেশীয় অৰ্থনীতি টনকিয়াল কৰাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডৰ হাতত দিবলৈ বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে উঠি পৰি লাগিছে। বিদেশৰ বেংকসমূহত জমা থকা ক’লা ধন ওভতাই অনাৰ প্ৰতিশ্ৰুতি বেবেৰিবাং হৈ এই ক’লা ধনৰ পৰিমান দ্বিগুণ বৃদ্ধি হৈ পৰিছে। দেশখনৰ আন্তঃগাথঁনিও একেবাৰে নিশকতীয়া হৈ পৰিছে। ৰাস্তা-পদুলিৰ দুৰৱস্থা, শিক্ষানুষ্ঠানসমূহৰ গৃহ সমূহ প্ৰায়ভাগেই কেঁচা, অত্যাৱশ্যকীয় দ্ৰব্যৰ জুই চাই দাম , দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ সংখ্যা বৃদ্ধি, দেশৰ কল-কাৰখানাত উৎপাদনৰ হাৰ হ্ৰাস, আমদানিৰ পৰিৱৰ্তে ৰপ্তানীৰ পৰিমাণ বৃদ্ধি, জনমূৰি আয় হ্ৰাস, ঋণৰ বোজা বৃদ্ধি, ডলাৰৰ তুলনাত টকাৰ মূল্য ক্ৰমে হ্ৰাস, জন বিৰোধী আইন চালু, সকলো চৰকাৰী সেৱাৰ অত্যধিক মাছুল বৃদ্ধি, পৌৰ কৰ বৃদ্ধি , বিদ্যুতৰ অগ্ৰিম বিল পৰিশোধৰ ব্যৱস্থা কৰি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে দেশৰ কৃষক-বনুৱা আৰু মধ্যবিত্ত পৰিয়ালৰ জীৱনলৈ দুৰ্বিসহ সংকট নমাই আনিছে। ৰাজহুৱা শিক্ষা-স্বাস্থ্য খণ্ডৰ নিশকতীয়া অৱস্থা পাইছেগৈ। শিক্ষকসকলকো নিয়মীয়া , অনিয়মীয়া, ঠিকা ভিত্তিক , টিউটৰ শিক্ষক হিচাপে ভাগ কৰাৰ ফলত শিক্ষাদান ব্যৱস্থা ভাঙি পৰাৰ উপক্ৰম হৈছে। ৰাইজে গাঁঠিৰ ধন ভাঙি গঢ়ি তোলা প্ৰায় বেছিভাগ শিক্ষানুষ্ঠান অ-প্ৰাদেশীকৃত হৈ থকাৰ বাবে উক্ত অ-প্ৰাদেশীকৃত শিক্ষক-মণ্ডলীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। অথচ চৰকাৰে অৰ্থহীন প্ৰচাৰত প্ৰতি মাহে কোটি কোটি টকা অপচয় কৰা দেখা যায়। ভোটৰ অংক কৰি ৰাজ্যত অৰুণোদয় আচঁনিত কোটি কোটি টকা ব্যয় কৰাৰ ফলত দ্ৰব্য মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱাৰ উপৰিও ঋণৰ বোজা বাঢ়ি আছে। আমাৰ অসম চৰকাৰে এই আচঁনিসমূহ ৰূপায়ন কৰাৰ নামত ডেৰ লাখ কোটি টকা ঋণ গ্ৰহণ কৰিছে। অথচ উন্নয়নশীল ক্ষেত্ৰত এই ধন বিনিয়োগ কৰাৰ পৰিৱৰ্তে অ-উন্নয়নশীল ক্ষেত্ৰত বিনিয়োগ কৰাত দেশৰ অৰ্থনীতি একেবাৰে ভাঙি পৰিছে। যাৰ ফলত দিনে দিনে নিবনুৱাৰ সংখ্যা তীব্ৰ বেগেৰে বৃদ্ধি হৈছে আৰু হতাশাগ্ৰস্ত হৈ যুৱ-চামে এতিয়াও আলফা-স্বাধীনত যোগ দিয়াৰ বাতৰি পোৱা গৈছে। যোৱা আঠ বছৰীয়া বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ শাসন কালত চৰকাৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধে মাত মাতিলেই বিশিষ্ট অৰ্থনীতিবিদ সকলক চৰকাৰ বিৰোধী, বাওঁপন্থী, কংগ্ৰেছী বুলি আখ্যা দি তেওঁলোকৰ এই বিশ্লেষণ বাৰে বাৰে নস্যাৎ কৰিছে। এই চৰকাৰৰ বিকাশ-উন্নয়নৰ নীতিক কৰ্ম-সংস্থানহীন বিকাশ বুলি বিশিষ্ট অৰ্থনীতিবিদ যশৱন্ত সিনহা আৰু অৰুণ জেটলিক বাস্তৱ পৰিস্থিতিৰ ওপৰত কোনো জ্ঞান নাই বুলি বিজেপি দলৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ম স্বামীয়ে উপলুঙা কৰিছে। আনহাতে ভাৰতৰ অৰ্থনীতি ভাঙি পৰাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা বিদেশী বিনিয়োগকাৰী সকলে বজাৰৰ দুৰৱস্থা দেখি দেশৰ পৰা আতৰি গৈছে। এতিয়া শ্বেয়াৰ বজাৰত নিৰ্বিনিয়োজন প্ৰক্ৰিয়া তৰান্বিত হৈছে।নউন্নয়নৰ ফটা ঢোল বজোৱা ৰাজ্যিক চৰকাৰৰ অধীনত পানী যোগান ব্যৱস্থাও স্থবিৰ হৈ পৰিছে। খোদ গুৱাহাটীতে এ মাহতে চাৰি ঠাইত পাইপ ফুটি ৰাইজক জলাকলা খুৱাইছে। পাইপৰ গাঁতত পৰি মানুহৰ মৃত্যু পৰ্যন্ত ঘটিছে।

দুৰ্নীতি,অপশাসনত আকণ্ঠ নিমজ্জিত হাজাৰ কোটি টকীয়া পানী যোগান ব্যৱস্থা অৰ্থহীন হৈ পৰিছে। উচ্চতৰ ন্যায়ালয়ৰ নিৰ্দেশনা নমনাকৈ আৰু পুনৰসংস্থাপন ব্যৱস্থা নকৰাকৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, আৰক্ষীৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰা , পানী যোগান আঁচনিৰ খেলিমেলি, বানপানী আৰু গৰাখহনীয়াত আক্ৰান্ত সকলক ক্ষতি পূৰণ আৰু সংস্থাপন, ৰাজহুৱা শুনানি আৰু বিশেষজ্ঞৰ মতামত অবিহনেই ৰাজহুৱা অট্টালিকাৰ ভঙা পতা বন্ধ কৰা, প্ৰিপেইড মিটাৰ বন্ধ কৰা, প্ৰকৃত জৰিপ অবিহনে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধি স্থগিত ৰখা, পুলিচ এনকাউন্টাৰ, বাল্য বিবাহ বন্ধ কৰাৰ নামত জনজাতীয় আৰু সংখ্যা-লঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰা আদি দাবী কৰি ” অসম নাগৰিক সমাজ” এ চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে দাবী তোলে।
দেশখনত নৈৰাজ্যবাদৰ সৃষ্টি হৈছে। ৰাজ্যিক চৰকাৰে পুলিচ প্ৰশাসনক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ বাবে পুলিচ বিষয়াসকলে ড্ৰাগছৰ ব্যৱসায় কৰা ব্যৱসায়ী,জাল মুদ্ৰা বা নকল সোণ তৈয়াৰ কৰা কাৰখানা, বাল্য বিবাহ কৰা, চুপাৰি চিণ্ডিকেট, উগ্ৰপন্থী ধৰা, দুৰ্নীতি ভ্ৰষ্টাচাৰ ভেটিখোৱা, বলপূৰ্বক ভাৱে নাৰীৰ ওপৰত যৌন নিৰ্যাতন কৰা , নাৰী আৰু শিশু সৰবৰাহ কৰা আদি অপৰাধজনিত কাৰ্যত জড়িত অপৰাধীসকলক কৰায়ত্ত কৰাৰ নামত কোটি কোটি টকা উৎকোচ লোৱা, থানাৰ ভিতৰত যুৱতী নাৰীক উলঙ্গ কৰি যৌন আতিশয্য চলোৱা, উগ্ৰপন্থীক ধৰাৰ নামত নিৰীহ যুৱকক এনকাউন্টাৰ কৰি চিৰজীৱনৰ বাবে পঙ্গু বা মৰিয়াই মৰিয়াই হত্যা কৰা গৰ্হিত কাৰ্য কৰা পৰিলক্ষিত হৈছে। এতিয়ালৈকে এনকাউন্টাৰৰ নামত ৮৮ জন শিক্ষিত নিবনুৱাক হত্যা কৰি পুলিচ প্ৰশাসনে গাত কলঙ্কৰ কালিমা সানি লৈছে। বিশেষকৈ এ চি এছ পৰীক্ষাত বেঁকা পথেৰে উত্তীৰ্ণ অভিযুক্ত বিষয়া সকলক পুলিচ প্ৰশাসনে খানা তালাচি কৰি বা গ্ৰেপ্তাৰ কৰি এৰি দিয়া আৰু ধেমাজি বিস্ফোৰণত অভিযুক্ত সন্ত্ৰাসবাদীক গুৱাহাটী উচ্চ ন্যায়ালয়ে উপযুক্ত প্ৰমাণৰ অভাৱত মুক্ত কৰা ঘটনাই ৰাজ্যবাসীৰ চকু কপালত তুলিছে। এই বছৰৰ আটাইতকৈ কলঙ্কিত অধ্যায় হ’ল, মণিপুৰৰ গোষ্ঠীসংঘৰ্ষত শ শ যুৱক-যুৱতীয়ে মৃত্যুক আকোঁৱালি লোৱা আৰু প্ৰকাশ্য ৰাজপথত দুগৰাকী জনজাতীয় মহিলাক কৰা যৌন নিৰ্যাতন চলাই যোৱা। কাশ্মীৰ উপত্যকাতো সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচ জন ভাৰতীয় সেনা জোৱানৰ কৰুণ মৃত্যুৱে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাহীনতাৰ এক বাস্তৱ চিত্ৰ ফুটি উঠিছে। ২০০১ চনৰ ১৩ ডিচেম্বৰত দিল্লীৰ সংসদ ভৱনত সন্ত্ৰাসবাদীৰ সন্ত্ৰাসমূলক ঘটনাত মৃত্যু হয় ৯ জন শ্বহীদক স্মৰণ কৰাৰ দিনাই এই বছৰতেই ১৩ ডিচেম্বৰত ভগৎ সিং ফেন ক্লাবৰ চাৰিজন সদস্যই তিনি তৰপীয়া কটকটীয়া নিৰাপত্তাৰ বুহ্য ভেদি সংসদ ভৱনত প্ৰৱেশ কৰি দুজন সংসদ ভৱনৰ ভিতৰত আৰু দুজন সংসদ ভৱনৰ বাহিৰত ৰাসায়নিক পদাৰ্থৰে ভৰা স্প্ৰে মাৰি দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্লোগান দি দি কৰা সন্ত্ৰাসমূলক কাৰ্যকলাপে দেশৰ চোৰাংচোৱা সংস্থাৰ সোলোক ঢোলোক প্ৰতিচ্ছবি ফুটি উঠিছে ; অথচ সংসদ ভৱনৰ নিৰাপত্তা বিচাৰি শ্লোগান দিয়াৰ বাবে সাংসদৰ অধ্যক্ষই ১৪১ জন সাংসদক সংসদ ভৱনৰ পৰা নিলম্বন কৰা কাৰ্যই দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী স্বৰূপ স্পষ্টকৈ পৰিস্ফুট হৈছে।
অহা ২৯ ডিচেম্বৰত কংগ্ৰেছ চৰকাৰৰ দিনতে আত্মসমৰ্পন কৰা আলফাৰ সদস্যৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তিৰ চুক্তি স্বাক্ষৰিত হ’লেও আলফা-স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আত্মসমৰ্পন নকৰালৈকে এই আলফা সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি।
এই বছৰৰ একেবাৰে শেষত এটি গোপন সন্ত্ৰাসবাদী সংগঠনে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সান্তি কাম দাস আৰু কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক পদত্যাগ বিচাৰি ইমেইল যোগে কৰা দাবী ,অন্যথা ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়া হ’ব বুলি হুংকাৰ দিয়া ঘটনাই দেশত এক অশনি সংকেত কঢ়িয়াই আনিছে।
মুঠতে, ২০২৩ বৰ্ষটোত আমাৰ দেশত সফলতাৰ বিপৰীতে অসফলতাৰ বিভিন্ন দিশ বেছিকৈ অনুভূত হৈছে।
থুলমূল ভাবে এই বৰ্ষটোৰ ঘটনা-পৰিঘটনাৰ এক বিৱৰণ দাঙি ধৰা হ’ল।

নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫

Leave A Reply