Breaking

পুত্ৰৰ সাফ্যলত গৌৰাৱান্ৱিত পিতৃ। অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদান্তই লাভ কৰে ৫টা স্বৰ্ণ পদক…

0 49

পুত্ৰৰ সাফ্যলত গৌৰাৱান্ৱিত পিতৃ। অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদান্তই লাভ কৰে ৫টা স্বৰ্ণ পদক…। সাঁতোৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৫টাকৈ স্বৰ্ণ পদক লাভ কৰে আৰ মাধৱনৰ পুত্ৰ বেদান্তই। অভিনেতা গৰাকীৰ পুত্ৰৰ বিজয়ৰ পিছতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। দক্ষিণৰ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আৰ মাধৱনে অভিনয়েৰে বলীউডত বিশেষ স্থান দখল কৰিছে। মাধৱন কেৱল এজন অভিনেতাই নহয়, এজন ভাল পৰিয়ালৰ ব্যক্তি আৰু এজন পিতৃও। তেওঁ পুত্ৰ বেদান্তক সদায় সমৰ্থন কৰি আহিছে। তেওঁৰ পুত্ৰই চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি ক্ৰীড়াৰ দক্ষতাৰে দেশৰ নাম আলোকিত কৰিছে। বেদান্ত সাঁতোৰত নিপুণ আৰু পিতৃৰ লগতে দেশকো গৌৰৱান্বিত কৰিছে বেদান্তই।

সাঁতোৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৫টাকৈ স্বৰ্ণ পদক লাভ কৰিছে বেদান্তই। এই কৃতিত্বৰ বাবে পুত্ৰক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰ মাধৱনে। বেদান্তই শেহতীয়াকৈ মালয়েছিয়া ইনভিটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল য’ত তেওঁ জয়লাভ কৰিছিল। পিতৃ আৰ মাধৱনে শ্বেয়াৰ কৰা ছবিসমূহত বেদান্তই ভাৰতৰ জাতীয় পতাকা আৰু পাঁচটা স্বৰ্ণ পদক লৈ পোজ দিয়া দেখা গৈছে। আনহাতে, দ্বিতীয়খন ফটোত তেওঁক মাতৃ সৰিতা বীৰজেৰ সৈতে দেখা গৈছে।

আৰ মাধৱনে এই ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে, ‘ভগৱানৰ কৃপা আৰু আপোনালোক সকলোলৈ শুভেচ্ছাৰে ভাৰতৰ বাবে পাঁচটা সোণৰ সৈতে বেদান্তই (৫০ মিটাৰ, ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ১৫০০ মিটাৰত) দুটা পি বি পাইছিল।

এই সফলতাৰ বাবে অনুৰাগীসকলে আৰ মাধৱনৰ পুত্ৰক অভিনন্দন জনাইছে।

Leave A Reply