Breaking

টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত বহাগ বিহুৰ উলাহ অনুষ্ঠান সম্পন্ন ….

0 149

যোৰহাট জিলাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী টীয়কত আজি  বাপতি সাহোন ৰঙালী বিহুতি বহাগ বিহুৰ উলাহ নামেৰে অনুষ্ঠিত কৰা হয়।

প্ৰতিষ্ঠানৰ সচিব সৌৰভ বৰাই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানত মুখ্য সঞ্চালক প্ৰদীপ চুতীয়াই বিহুৱান উন্মোচন কৰে। ইয়াৰ পাছতে দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী সকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা জোনাকী বিহু সংখ্যা  উন্মোচন কৰে অধ্যক্ষ ঋষেশ্বৰ শৰ্মা দেৱে l উল্লেখ্যযোগ্য যে এই কাৰ্যসুচীত প্ৰতি বছৰে এজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

ঠিক এইবাৰো অৱসৰ প্ৰাপ্ত শিক্ষক বিনন্দ বৰুৱা দেৱক বিহুৱানেৰে উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ উপৰিও জ্ঞানপীঠ একাডেমীৰ পিতামহ স্বৰূপ ড০ অকণ চন্দ্ৰ শইকীয়া আৰু দুলেশ্বৰ দাস দেৱক সন্মান জনোৱা হয়। লগে লগেই এটি বিহু গীতেৰ শুভ উদ্বোধন কৰে ড০ অকণ চন্দ্ৰ শইকীয়া দেৱে। এই কাৰ্যসূচীতে সচিব সৌৰভ বৰাই বিশেষ ভাবে সন্মান জনাই উপাধ্যক্ষ  মনোজ বৰাক। শেষহত  শিক্ষক – শিক্ষয়িত্ৰী আৰু অভিভাৱকে বিহু চোতাল জীপাল কৰি তোলে।

Leave A Reply