Breaking

দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত

0 92

ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীলৈ মাজত মাথো কেইটিমান দিন বাকী। সমগ্ৰ ৰাজ্যৱাসীয়ে অহা ১৮ মাৰ্চ তাৰিখে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা।কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিৰ গৰিষ্ঠ সংখ্যক স্থানত ১৯ মাৰ্চ শনিবাৰে ফাকুৱা উৎসৱ তথা সুৱেৰী উৎসৱ পালন কৰিব। যাৰ বাবে এতিয়াৰে পৰা ওদালগুৰি চহৰৰ লগতে বিভিন্ন প্ৰান্তত হোলীক লৈ উখল মাখল পৰিৱেশৰ সূচনা হৈছে।

এইক্ষেত্ৰত এই বিশেষ পদক্ষেপ হাতত লৈছে ওদালগুৰিৰ শংকৰী নাম ধৰ্ম প্ৰচাৰ সমিতি চমুকৈ নামসঙ্ঘই। নতুন প্ৰজন্মৰ মাজত হোলী আৰু হোলীগীতক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে নামসঙ্ঘই নিজৰ কাৰ্যালয় চৌহদত হোলীগীতৰ আখৰ চলোৱা দেখা গৈছে। উক্ত আখৰাত শিশুৰ পৰা ডেকা যুৱক-যুৱতী তথা মহিলাসকলে হোলীগীত পৰিৱেশন কৰাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ওদালগুৰি নামসঙ্ঘৰ সম্পাদক মণ্টু দাসে উক্ত কাৰ্যসূচীত উপস্থিত থাকি বৰ্তমান হেৰাই যাব বিচৰা আমাৰ সংস্কৃতিক উজ্জীৱিত কৰি ৰখাৰ স্বাৰ্থৰ লগতে নতুন প্ৰজন্মৰ মাজত এই সংস্কৃতিৰ প্ৰভাৱ বিলাই দিয়াৰ স্বাৰ্থতেই এনে কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে।

আগন্তুক দিনবোৰতো এনে কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। ১৯৫১ চনতে স্থাপিত ওদালগুৰি শংকৰী নামধৰ্ম প্ৰচাৰ সমিতিয়ে ইতিমধ্যে ইয়াৰ পূৰ্ৱেও ওদালগুৰিত বহু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ইফালে বিভিন্ন হোলী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিভিন্ন হোলীৰ দলসমূহে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। চহৰখনৰ গাঁৱে-গাঁৱে এতিয়া হোলী গীতৰ মধুৰ ধ্বনিয়ে দুগুণে বৃদ্ধি কৰিছে উৎসৱটিৰ মাদকতা। চহৰখনৰ কন -কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে নিজৰ ব্যস্ততাৰ জীৱনৰ মাজতো কিছু সময় উলিয়াই এতিয়া হোলীগীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। অৱশ্যে সমাগত পৰীক্ষাসমূহৰ বাবে এইবেলি কিছু পৰিমাণে অংশগ্ৰহণকাৰীৰ সংখ্যা হ্ৰাস পাব বুলি সন্দেহ কৰা হৈছে। ইয়াৰ মাজতো একপ্ৰকাৰ কবলৈ গ’লে ফল্গুৎসৱ তথা দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত।

Leave A Reply