Breaking

আৰম্ভ হ’ল দেশৰ গণতন্ত্ৰৰ মহোৎসৱ, আজি ৰাজ্যৰ ৫ সমষ্টিত ভোট গ্ৰহণ…

0 10

আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰতিগৰাকী নাগৰিকক ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

দেশৰ গণতন্ত্ৰৰ মহোৎসৱত প্ৰথম পৰ্যায়ত দেশৰ ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬ কোটিৰ অধিক ভোটাৰে।

ৰাজ্যৰ ৫ সমষ্টিত ভোট গ্ৰহণ। ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা, শোণিতপুৰত ভোট। EVMত বন্দী হ’ব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৭ বজাৰ লগে লগে আৰম্ভ ভোটদান প্ৰক্ৰিয়া।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেশৰ প্ৰতিগৰাকী নাগৰিকক ভোটদান কৰিবলৈ আহ্বান জনায়।

Leave A Reply