Breaking

পঞ্চমটো বানে পুৱতি নিশা উটুৱাই নিলে চকুৱা ঘাটৰ বাঁহৰ দলং ; যাতায়ত বিচিন্ন শালমৰা-বনগাঁও সংযোগী পথ

0 1,256

উজনি-মাজুলীঃ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ শালমৰাৰ চকুৱা ঘাটত গাঁৱৰে যুৱক কেইজনমানে প্ৰতি বছৰে একোখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ সুচল ব্যৱস্থা কৰি ৰাইজৰ সেৱা কৰি আহিছে। গাঁঠিৰ ধন ভাঙি এনেধৰনেই এই সকল যুৱকে প্ৰতি বছৰে দলং নিৰ্মাণ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ খা-খৰচ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বহন কৰা নাই এইসকল যুৱকক । আজি পৰা দুবছৰ আগতে যি খন পকী দলং নিৰ্মান কৰিছিল বৰ্তমানেও কাৰ্যক্ষম হৈ নুঠিল দলংখন | যাৰ কাৰণে জীয়াটো ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। বিশেষকৈ স্কুল ,কলেজৰ ছাত্ৰ-ছাত্ৰী সকল | সাধাৰণ ৰাইজকে আদি কৰি অঞ্চলটোলৈ আহ্-যাহ কৰা সকলো লোকৰেই বিপদ হৈছে যাতায়তৰ ক্ষেত্ৰত । শালমৰা- বনগাঁও একমাত্ৰ সংযোগী এই পাৰ ঘাটটোৱে ৰাইজক অধিক বিপদত পেলাইছে এই বৰ্ষত হোৱা ৪ টাকৈ বানে | বানে ইতিমধ্যে গাঁওখনৰো বহু ক্ষতি সাধন কৰিছে। শেহতীয়াকৈ শণিবাৰে পুনৰ ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিপদ সীমা অতিক্ৰম কৰি বছৰৰ পঞ্চমটো বানে আজি পুৱতি নিশা চকুৱা ঘাটৰ বনগাঁও – শালমৰা সংযোগী এই বাঁহৰ দলংখন ভাঙি নিয়ে আৰু যাতায়ৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ ফলত সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী, অঞ্চলৰ ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি হৈছে ।

Leave A Reply