Breaking

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

0 1,146

ভিকি শৰ্মা

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল’কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। কিন্তু ক্ৰমান্বয়ে যেন বলিউড উদ্যোগটিৰ ক্ষেত্ৰত কিছু শিথিলতা আহি পৰিছে যাৰ বাবে বিভিন্ন ছবিৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰা এক পৰিকল্পনা হাতত লৈছে নিৰ্মাতা সকলে। যদিওবা তেওঁলোকে ছবিসমূহ চিত্ৰগ্ৰহণ কৰিব পাৰিব তথাপি মানি চলিব লাগিব ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ নিয়মাৱলী, যি নিয়মাৱলী তৈয়াৰ কৰিছে উদ্যোগটিক পুনৰ সজীৱ কৰাৰ ক্ষেত্ৰত FCWI আৰু উদ্যোগটিৰ সৈতে জড়িত প্ৰতিনিধি সকলে। উদাহৰণ স্বৰূপে ৬৫ বছৰৰ ঊৰ্দ্ধৰ যি সকল অভিনয় শিল্পী তেওঁলোকক চিত্ৰগ্ৰহণ স্থলীলৈ অহা নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে চুম্বন বা অতিৰঞ্জিত ৰোমাঞ্চিত দৃশ্য সমূহ আঁতৰাবলৈও নিৰ্দ্দেশ জাৰি কৰিছে সামাজিক ব্যৱধান মানি চলি। তাৰোপৰি সকলো অভিনয় শিল্পীয়ে স্বগৃহতে ৰূপ-সজ্জাৰ সকলো যাৱতীয় কাম-কাজ কৰি আহিব লাগিব দৃশ্যগ্ৰহণ স্থলীলৈ। সকলো ছবিৰে নিৰ্মাতাসকলে দৃশ্যগ্ৰহণৰ সময়ত কৰ্মৰত সদস্য সমূহক ১২ ঘন্টাৰ ভিতৰত চাৰিখনকৈ মাস্ক প্ৰদান কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। প্ৰতিটো দৃশ্যগ্ৰহণ স্থানত উপলদ্ধ থাকিব লাগিব এম্বুলেন্স, চিকিৎসক আৰু নাৰ্ছ। ইতিমধ্যে এই সকলো ১৬ পৃষ্ঠা যোৰা নিয়মাৱলী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে FCWI য়ে আৰু সেই অনুপাতে এই মাহৰ শেষৰ পিনে এই সকলোবোৰ নিয়ম পালন কৰি শিল্পীসকলে চিত্ৰগ্ৰহণ কৰাৰ এক সম্ভৱনা প্ৰকট হোৱা দেখা গৈছে। ইতিমধ্যে অভিনেতা অনিল কাপুৰে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে ফটোশ্বুট কৰাৰ কথাও পোহৰলৈ আহিছে। এইপিনে সদা ব্যস্ত অভিনেতা খিলাড়ী কুমাৰ অৰ্থ্যাৎ অক্ষয় কুমাৰে তেওঁৰ আহিবলগীয়া ছবি বেল বুট’মৰ দৃশ্যগ্ৰহণৰ কামত চলিত মাহৰ শেষ ভাগত ব্যস্ত হ’ব বুলি সদৰী কৰিছে। জানিবলৈ পোৱা মতে অক্ষয় কুমাৰ আৰু তেওঁৰ দলটিয়ে অহা সপ্তাহত স্কটলেণ্ডলৈ ৰাওনা হ’ব তেওঁৰ ব্যক্তিগত জেটেৰে যিহেতু আন্ত:ৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ হৈ আছে। যেনেকৈ নহওঁক কিয় অক্ষয় কুমাৰে নিজৰ অনুৰাগীসকলক মনোৰঞ্জন প্ৰদানৰ হেতু চেষ্টা অব্যাহত ৰাখিছে সংকটময় পৰিস্থিতিৰ মাজতো। ছবিখনৰ পৰিচালক ৰঞ্জিত এম তিৱাৰীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে যে সকলো ধৰণৰ সাৱধনতা অৱলম্বন কৰিয়ে ছবিৰ চিত্ৰগ্ৰহণৰ কাম কৰা হ’ব। বেল বুট’মৰ উপৰিও অক্ষয় কুমাৰ অভিনীত তথা ৰোহিত চেট্টী পৰিচালিত সৌৰবংশী দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুক্তিৰ দিন পিছুৱাই এই বৰ্ষৰ দীপাৱলীত চিত্ৰগৃহলৈ অহাৰ এক সিদ্ধান্ত হাতত লৈছে। লগতে প্ৰতিখন ৰাজ্যৰ ছবিগৃহ সমূহ ৪-৫ মাহ ধৰি বন্ধ হৈ থকাৰ ফলশ্ৰুতিতে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে চলচ্চিত্ৰ উদ্যোগটি। যাৰ বাবে উদ্যোগটিৰ লগতে ছবিগৃহত কৰ্মৰত কৰ্মীসকলৰ জীৱনলৈ দুৰ্বিহ নামি পৰিছে। কাৰণ এইদৰে থাকিলে ছবি উদ্যোগটি বহুখিনি পিছুৱাই যাব। এই কথাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নিয়মাৱলীৰ মাজেৰে অহা আগষ্ট মাহত পুনৰ ছবিগৃহ সমূহ খোলাৰ এক পৰিকল্পনা হাতত লৈছে। আই.বিৰ সম্পাদক অমিত খাৰে জনাইছে যে গৃহ মন্ত্ৰালয়ৰ সম্পাদক অজয় ভাল্লাই ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰিব অচিৰেই। সামাজিক ব্যৱধান মানি চলি চিনেমা হ’ল সমূহ আগষ্ট মাহৰ ভিতৰত খোলাৰ সম্ভাৱনা অধিক।

Leave A Reply