Breaking

সন্ধান লাভ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ ৷ শুক্ৰ গ্ৰহত সক্ৰিয় ৩৭টা আগ্নেয়গিৰি

0 1,288

দৈনন্দিন বাৰ্তা ডেস্ক : বুধৰ পাছত সৌৰজগতৰ উষ্ণ গ্ৰহটো হ’ল শুক্ৰ ৷ এই গ্ৰহটোৰ ৩৬টা বৈশিষ্ট পাইছে বিজ্ঞানীসকলে ৷ এইবোৰ আগ্নেয়গিৰিৰ পৰা তৈয়াৰ হোৱা বুলি প্ৰকাশ ৷ যদি এই তথ্য পৰীক্ষামূলকভাৱে সত্য প্ৰমাণিত হয়, তেন্তে গ্ৰহৰ আমূল পৰিৱৰ্তনৰ কথা ভাবিবলৈ আৰম্ভ কৰিব বিজ্ঞানীসকলে ৷ বিবৰ্তনৰ সম্পৰ্কে নতুন ধাৰণা উদঘাটন হ’বলৈও ধৰিছে৷ জানিব পৰা মতে শুক্ৰ গ্ৰহত এতিয়াও একাধিক আগ্নেয়গিৰি সক্ৰিয় হৈ আছে ৷ তাৰ পৰা আৰম্ভ হৈছে অগ্নিপাত ৷ শুক্ৰ গ্ৰহটোত প্ৰায়ে তাৰ কাৰ্যকলাপ বদলি ঘটাই থাকে ৷ সম্প্ৰতি মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এই আগ্নেয়গিৰিবোৰৰ সন্ধান দিছে৷ একাধিক বিৰাটকায় গাঁতৰ সৃষ্টি হৈছে শুক্ৰ গ্ৰহত ৷ লক্ষ্য কৰা হৈছে গ্ৰহটোত মাজে মাজে ভূমিকম্প হৈ থাকে ৷ মূলত শুক্ৰ গ্ৰহটো কোনো দিনাই ভৌগোলিকভাৱে শান্ত নাছিল ৷ জানিব পৰা মতে শুক্ৰ গ্ৰহত ১৯৯০ চনৰ পাছৰ পৰা মুঠ ১৩৩ টা আগ্নেয়গিৰিৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ মাজত এতিয়াও ৩৭ টা সক্ৰিয় হৈ আছে ৷

Leave A Reply