Breaking

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

0 1,073

দৈনন্দিন বাৰ্তা ডেস্ক :

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে ‘কোভেক্সিন’৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)ৰ সহযোগত এই টীকা বজাৰলৈ আনিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)-এ ৷ বজাৰলৈ অনাৰ আগেয়ে মানৱ দেহত প্ৰয়োগ কৰি চাবৰ বাবে দেশৰ অন্তত ১২টা প্রতিষ্ঠানক দায়িত্ব দিয়া হৈছে বুলি আইচিএমআৰৰ সূত্ৰত প্ৰকাশ ৷ সমগ্ৰ বিশ্বত ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে এক কোটিৰো অধিক মানুহ ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা ৬ লাখ অতিক্ৰম কৰিছে ৷ এই পৰ্যন্ত বিশ্বৰ কোনো ঠাইতে ক’ৰোনাৰ টীকা বজাৰলৈ অহা নাই ৷ কেইবাটাও টীকাৰ ক্লিনিকেল ট্রায়েল চলিছে ৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰথম দেশীয় টীকাৰ ক্লিনিকেল ট্রায়েল চলাবৰ বাবে বিশাখাপট্টনম, ৰোহটক, দিল্লী, পাটনা, কৰ্ণাটকৰ বেলগাঁও, নাগপুৰ, গোৰখপুৰ, হাদৰাবাদ, গোৱা, আৰ্য নগৰ, কানপুৰ আৰু তামিলনাডুৰ কাট্টানকুলাথুৰৰ প্ৰতিষ্ঠানবোৰক দায়িত্ব দিয়া হৈছে বুলি আইচিএমআৰৰ সূত্ৰত প্ৰকাশ ৷ ভালকৈ ক্লিনিকেল ট্রায়েল আৰম্ভ কৰিবৰ বাবে দেশৰ এই প্রতিষ্ঠানবোৰলৈ চিঠি দিছে আইচিএমআৰৰ তৰফৰ পৰা ৷ তাত লিখা হৈছে, টীকা প্ৰস্তুত কৰিবৰ বাবে চাৰ্চ-কভ-২ ভাইৰাছৰ ষ্ট্ৰেন সংগ্ৰহ কৰা হৈছিল আইচিএমআৰৰ অধীনত থকা পুণেৰ নেচনেলইনষ্টিটিউট অব ভাইৰ’লজীৰ পৰা৷ টীকাৰ ক্লিনিকেল ট্রায়েল চলাবৰ বাবে যিবোৰ কৰণীয়, বিবিআইএলৰ সহযোগিতাত সেই সকলোবোৰ কাম কৰিছে আৰু কৰি আছে আইচিএমআৰে ৷ আইচিএমআৰৰ তৰফৰ পৰা জনোৱা হৈছে যে অতি বেছি পলম হ’লেও যাতে ১৫ আগষ্টৰ ভিতৰত এই টীকা সকলোৰে ব্যৱহাৰৰ বাবে বজাৰলৈ আহে তাৰ কাৰণে সকলো ধৰণৰ ক্লিনিকেল ট্রায়েল দ্ৰুততাৰে শেষ কৰিবলৈ কোৱা হৈছে দেশৰ ১২টা প্রতিষ্ঠানক ৷ সেই ক্লিনিকেল ট্রায়েল চলাবৰ বাবে চৰকাৰী অনুমোদন লাগে ৷ পলম নকৰি সংশ্লিষ্ট প্রতিষ্ঠানবোৰক সেয়া ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ৷

Leave A Reply