Breaking

ভাৰতীয় ৰেলৱেৰ প্ৰথমখন হাইড্ৰজেন ইন্ধন কোষ চালিত ৰে’ল সোনকালেই আৰম্ভ হ’ব…

0 26

ভাৰতৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰে’লৰ কথা ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত কলকা-শিমলা ঐতিহাসিক চাৰ্কিটত ইয়াক সেৱা আৰম্ভ কৰা হ’ব।

মন্ত্ৰীগৰাকীৰ মতে আগন্তুক হাইড্ৰজেন চালিত ৰে’লসমূহৰ নাম হ’ব ‘ভাণ্ডে মেট্ৰ’। এই ৰে’লসমূহ দাৰ্জিলিং হিমালয়ান ৰে’লৱে, নীলগিৰি পৰ্বত ৰে’লৱে, মথেৰান পাহাৰীয়া ৰে’লৱে, কংগৰা উপত্যকা, বিলমোৰা ৱাঘাই আৰু মাৰৱাৰ-দেৱগড় মাদ্ৰিয়া পথৰ দৰে ঐতিহাসিক নেৰ’গেজ পথত চলোৱাৰ পৰিকল্পনা কৰা হৈছে।

হাইড্ৰজেন চালিত ৰে’লখনৰ ডিজাইন আৰু নিৰ্মাণ স্থানীয়ভাৱে কৰা হ’ব। ইয়াত হাইড্ৰজেন ইন্ধন কোষ ব্যৱহাৰ কৰা হ’ব, যিয়ে হাইড্ৰ’জেন আৰু অক্সিজেনৰ সংমিশ্ৰণেৰে বৈদ্যুতিক উৎপাদন কৰে। এই বিক্ৰিয়াৰ উপজাত বিশুদ্ধ পানী, যাৰ বাবে ই অতি পৰিৱেশ-বন্ধুত্বপূৰ্ণ।

কিন্তু হাইড্ৰজেন ইন্ধন কোষৰ পৰিচালনা ব্যয় ডিজেল ইঞ্জিনতকৈ ২৭% বেছি বুলি কোৱা হয়। হাইড্ৰজেন জমা কৰাটোও ইয়াৰ অতি দহনীয় প্ৰকৃতিৰ বাবে এক প্ৰত্যাহ্বান।

Leave A Reply