Breaking

ভাৰতত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ছাংহাই সহযোগ সংগঠন (এছ চি অ’)ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’

0 58

কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ গুৱাহাটীত ছাংহাই সহযোগ সংগঠন (এছ চি অ’)ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া পৰম্পৰাগত ঔষধ সম্পৰ্কীয় প্ৰথমখন বি২বি আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ৰ শুভ উদ্বোধন কৰিব।

চাৰিদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ১৭ খন দেশৰ ১৫০তকৈও অধিক প্রতিনিধি উপস্থিত থকাৰ সম্ভাৱনা আছে।

ইয়াৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়োজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বতে পৰম্পৰাগত ঔষধৰ শক্তিশালী পুনৰুজ্জীৱিতকৰণত মনোনিৱেশ কৰিছে। বিশ্বৰ এক উল্লেখযোগ্য আন্তঃচৰকাৰী সংস্থা ছাংহাই সহযোগ সংগঠনৰ (এছ চি অ’)ৰ সভাপতিত্বৰ দায়িত্ব এই বছৰ লাভ কৰিছে ভাৰতবৰ্ষই। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আমি গুৱাহাটীত পৰম্পৰাগত ঔষধ সম্পৰ্কীয় এছ চি অ’ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ আয়োজন কৰাৰ সুযোগ লাভ কৰিছোঁ। ৰোগীৰ যত্ন আৰু নিদানিক উৎকৰ্ষতাৰ লগতে আয়ুষ খণ্ডৰ সৈতে জড়িত সকলোৰে বাবে এয়া এক অনন্য সুযোগ কিয়নো এছ চি অ’ৰ ১৭ খন দেশৰ বিশেষজ্ঞসকলে মানৱ জীৱনৰ মান সমৃদ্ধকৰণৰ বাবে পৰম্পৰাগত ঔষধৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিবলৈ ইয়াত একত্ৰিত হৈছে।”


পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণ, পুষ্টিকৰ খাদ্য সামগ্ৰী, নিষ্কাশিত বনৌষধি আৰু সেৱা খণ্ডক সামৰি লোৱা এই বিস্তৃত এক্সপ’ত সমগ্ৰ ভাৰতৰ পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰ্তা/ ৰপ্তানিকর্তা আৰু আয়ুৰ্বেদিক চিকিৎসালয়/ ক্লিনিকেল সেৱাৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব৷ তদুপৰি, sco আৰু অংশীদাৰ দেশসমূহৰ প্ৰতিনিধি দলৰ সৈতে সংগঠিত B2Bৰ সুবিধা, আয়ুর্বেদিক সৌন্দৰ্য আৰু সুস্থতাসামগ্ৰীৰ অন্বেষণ, স্বীকৃতিপ্রাপ্ত আয়ুষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ৰাজহুৱা বক্‌তৃতাৰ জৰিয়তে পৰম্পৰাগত ঔষধৰ বিষয়ে নজনা বহু কথা জনাৰ সুযোগ, পোনপটীয়া যোগ অধিৱেশনৰ জৰিয়তে স্বাস্থ্যকৰ জীৱন যাপনৰ অভিজ্ঞতা জনসাধাৰণে লাভ কৰিব পাৰিব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত
কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “ভাৰতে পৰম্পৰাগত চিকিৎসা প্ৰণালীৰে হাজাৰ হাজাৰ বছৰ ধৰি মানৱ জাতিক সেৱা আগবঢ়াই আহিছে। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ ঐতিহ্যক আগবঢ়াই নিয়াৰ বাবে আৰু মানৱ জীৱনৰ মান উন্নত কৰাৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ অহৰহ প্ৰচেষ্টা চলি আছে। ইতিমধ্যে আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি ২২ বিলিয়ন ডলাৰ পৰ্যন্ত বজাৰ দখল কৰিছে।”


গুৱাহাটীত এইধৰণৰ উচ্চমানৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰাৰ এই বিশেষ ক্ষণত সৰ্বানন্দ সোণোৱালে কয়, “যোৱা ন বছৰত শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বত উত্তৰ-পূব ভাৰত বিকাশৰ নতুন জাগৰণেৰে অগ্ৰগামী হৈছে। এইটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত যে গুৱাহাটীয়ে এছ চি অ’ৰ আন্তৰ্জাতিক এক্সপ’ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে। ২০৪৭ চন অর্থাৎ আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলাৰ বাবে মোদী ডাঙৰীয়াই যি ভিজন দাঙি ধৰিছে, সেই দিশত অসম তথা উত্তৰ-পূববাসীয়ে এক অগ্রণী ভূমিকা পালন কৰিব লাগিব।”


কাইলৈ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰাৰ উপৰি ম্যানমাৰ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° থেট খাইং ৱিন, মালদ্বীপ চৰকাৰৰ স্বাস্থ্যমন্ত্রী ছাফিয়া মহম্মদ ছৈইদ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply