Breaking

পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰভাগ গ্রন্থমেলা ২০২৩ৰ আয়োজন…

0 54

আপোনলোক সকলোৱে জ্ঞাত যে যোৱা ২০২১ চনৰ ১৬, ১৭, ১৮ আৰু ১৯ নৱেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে “সন্ধান”ৰ উদ্যোগত, বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ একান্ত প্রচেষ্টা তথা ৰাইজৰ সহযোগত “বৰভাগ গ্রন্থমেলা-২০২১”ৰ সফল ৰূপায়ণৰ জৰিয়তে অসমৰ গ্রন্থ আন্দোলনত কিঞ্চিত অৱদান আগবঢ়োৱা হৈছিল। গ্রন্থমেলাখনৰ বিপণীসমূহৰ প্ৰতি ৰাইজৰ অভূতপূর্ব সঁহাৰিয়ে প্রকাশক, গ্রন্থ বিক্রেতা, লেখক-পঢ়ুৱৈ সমাজ, বৌদ্ধিক মহল আৰু আয়োজক সকলক উৎসাহিত কৰি তুলিছিল। “বৰভাগ গ্রন্থমেলা-২০২১”ৰ এনে সফলতাৰ আঁৰত থকা প্ৰতিগৰাকী ব্যক্তি আৰু বৃহত্তৰ ৰাইজৰ প্রতি আয়োজক সমিতি চিৰকৃতজ্ঞ।

নৱচেতনাৰ অংকুৰ মেলি গ্ৰন্থই মুকলি কৰক প্ৰজ্ঞাৰ দুৱাৰ …
বৰভাগ গ্রন্থমেলা ২০২৩
গোহাৰি
শ্রদ্ধেয় ৰাইজ, আমি একান্ত আন্তৰিকতাৰে আপোনাক / আপোনাসৱক জনাবলৈ পাই আনন্দ অনুভৱ কৰিছো যে স্বেচ্ছাসেৱী সংস্থা “সন্ধান”, IQAC বৰভাগ কলেজ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অহা ১৩, ১৪, ১৫, ১৬ আৰু ১৭ ডিচেম্বৰ, ২০২৩ তাৰিখে পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত (মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য সোঁৱৰণী গ্রন্থমেলা ক্ষেত্ৰ) “বৰভাগ গ্রন্থমেলা-২০২৩” ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বৰভাগ যুৱ সমাজ, বৰভাগ শাখা সাহিত্য সভা, প্রতিবিম্ব লাইভ, চিফুং দ্যা আর্টিষ্ট, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাঞ্চজন্য প্রকাশন, হিতসাধিনী পুথিভঁৰাল আৰু প্ৰেৰণা পুথিভঁৰালে “বৰভাগ গ্রন্থমেলা-২০২৩”লৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি অহাত আয়োজক সমিতি দুগুণ উৎসাহিত হৈ পৰিছে।

সমগ্ৰ নলবাৰী জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈ সমাজৰ মাজত গ্রন্থ অধ্যয়নৰ আগ্রহ বৃদ্ধি আৰু বৌদ্ধিক চিন্তা-চৰ্চাৰ এক নতুন বাটৰ সন্ধান কৰাই হ’ব প্ৰস্তাৱিত “বৰভাগ গ্রন্থমেলা-২০২৩” ৰ প্ৰধান উদ্দেশ্য। উক্ত গ্রন্থমেলাত গ্ৰন্থৰ প্ৰদৰ্শন আৰু বিশেষ ৰেহাই মূল্যত গ্রন্থ বিক্ৰীৰ ব্যৱস্থা থকাৰ লগতে বৌদ্ধিক আলোচনা সভা, সৃষ্টিমূলক সাহিত্য পাঠ আৰু পৰ্যালোচনা, অসমীয়া লোক সংগীত, লোক সাহিত্য, কৌশল আৰু উদ্যমিতা বিকাশমূলক আলোচনা চক্র ইত্যাদি বিশেষ অনুষ্ঠানৰ জৰিয়তে গ্ৰন্থমেলাৰ কাৰ্যক্ৰমণিকা সমূহ সজাই-পৰাই লোৱা হ’ব। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশমূলক আৰু প্রতিযোগিতামূলক অনুষ্ঠানৰ অন্তৰ্ভুক্তিৰে গ্ৰন্থমেলাৰ বাকৰিক বৌদ্ধিক সুকুমাৰ কলা আৰু সাংস্কৃতিক ভাবে উজ্জীৱিত কৰাৰ প্ৰয়াস চলোৱা হ’ব। ৰাইজৰ সহায়-সহযোগিতা অবিহনে গ্রন্থমেলা আয়োজনৰ এই পৰিকল্পনাক সাকাৰ ৰূপ দিয়াটো কঠিন। সেয়েহে, এই গোহাৰি পত্ৰৰ জৰিয়তে সবিনয়ে আমি ৰাইজৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলোঁ।

Leave A Reply