Breaking

ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত গহপুৰৰ দক্ষিনাঞ্চল…

0 80

গহপুৰৰ দক্ষিনাঞ্চল ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈ পৰিছে। বৰতামুলী,পাকেন,লকচাকে ধৰি কুৰিৰো অধিক গাঁও বানপানীৰ কবলত।

গহপুৰৰ বিভিন্ন প্ৰান্তত পশু ধন সমূহ ভুগিছে খাদ্যৰ সমস্যাত।

বিশেষকৈ গৰু-ম’হৰ বাবে খাদ্যৰ নাটনিৰ প্ৰতি লক্ষ্যৰাখি গহপুৰ মহকুমা প্ৰশাসনে তাৎক্ষনিক ভাৱে প্ৰথম পৰ্যায়ত পশু ধনৰ বাবে তুঁহগুৰি,ভুচি আদি পশু খাদ্য যোগান ধৰিছে বানপীড়িত এলেকাত।

যাৰ জৰিয়তে পশুধন সমূহে কিছু হ’লেও সকাহ পাইছে এই দুৰ্যোগৰ সময়ত।

-অৰবিন্দ নেৱাৰ, গহপুৰ

Leave A Reply