Breaking

নগাআলিকে ধৰি তিনিটা পথৰ আধাৰশিলা : বিধায়ক প্ৰদীপ হাজৰিকাৰ দ্বাৰা দুটা পথ ৰাইজৰ বাবে মুকলি

0 1,365

গেলেকী : ৰাজ্যৰ শাসনভাৰ তথা চৰকাৰ বদলি হ’ল। কিন্তু বিগত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা নাজিৰা সমষ্টিৰ সমূহ বাট পথৰ আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নহ’ল। নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিজা সমষ্টিৰ সমূহ বাট পথৰ এতিয়া বিধ্বস্থতাৰূপে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ঠিক তাৰ বিপৰীতে চুবুৰীয়া আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিটোলৈ আনিছে আমোল পৰিৱৰ্তন। ১৪ ছেপ্তেম্বৰৰ দিনা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিৰ পথ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি ঐতিহাসিক নগা আলিকে ধৰি তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৱ-নিৰ্মিত দুটাকৈ পথ ৰাইজৰ বাবে মুকলি কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত ঐতিহাসিক নগা আলিৰ ৭ কি:মি: এটা অংশৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত নগা আলিৰ ৬ কি:মি: আনটো অংশৰো নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাতে নগা আলিৰ ওপৰত দুখনকৈ পকী দলঙৰো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰিও বিধায়ক প্ৰদীপ হাজৰিকাই S.O.P.D আঁচনিৰ অধীনত দিখৌমুখ ভৰলুৱা পথ, অসম দৰ্শন আঁচনিৰ অধীনত নগা আলিৰ পৰা চুপহা সত্ৰ পথৰ আধাৰশিলা স্থাপন কৰে। আনহাতে বিধায়ক প্ৰদীপ হাজৰিকাই নৱ-নিৰ্মিত দিখৌমুখ বৰ আলিৰ পৰা দুলীয়া আলি আৰু বৰ আলিৰ পৰা দিছিয়াল আলি ৰাইজৰ বাবে উৎসৰ্গা কৰে। সমগ্ৰ কাৰ্যসূচীত বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে অসম গণ পৰিষদৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, গড়কাপ্তানী বিভাগৰ আমগুৰি পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বীৰেন দত্তৰ লগতে গড়কাপ্তানী বিভাগৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। ৰাজহুৱা কাৰ্যসূচী সমূহত ৰাইজৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা গ’ল। বিধায়কৰ উপস্থিতিত দিখৌমুখ মণ্ডল কংগ্ৰেছৰ ৬ নং ৱাৰ্ডৰ প্ৰাথমিক সমিতিৰ সভাপতি দুলাল শইকীয়াই অগপ দলৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ উক্ত দিনাই অগপ দলত যোগদান কৰে।

Leave A Reply