Breaking

দৰং আৰক্ষীৰ মহানুভৱতা : দিব্যাংগ শিল্পীক সাহায্য প্ৰদান

0 60

ছিপাঝাৰ

মঙলদৈ ভেৱাৰঘাট বাছ আস্থানত গাড়ীৰ পৰা উঠা নমা কৰা যাত্ৰীসকলৰ বাবে অন্ধ শিল্পী নিধন কলিতাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। কেতিয়াবা যদি তেওঁ বাছত গান গাই ফুৰিছে আন কেতিয়াবা আকৌ বাছষ্টেণ্ডত বহি লোকগীত জুৰিছে। সুন্দৰ কণ্ঠৰ অধিকাৰী কলিতাই ইতিমধ্যে বৈদুতিন মাধ্যমৰ জৰিয়তেও গীত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছে। এনেকৈয়ে দুই সন্তান আৰু ঘৈণীয়েকক লৈ এখন সুখৰ সংসাৰ তেওঁৰ৷ জানিব পৰা মতে বৰপেটা জিলাৰ কোনোবা এখন গাঁৱৰ পৰা সৰুতে মাতৃহাৰা হৈ দৰঙলৈ আহিছিল তেওঁ। ইয়াতেই আৰম্ভ হৈছিল জীয়াই থকাৰ সংগ্ৰাম৷ কিছু বছৰ আগতে সেই সময়ৰ দৰং জিলাৰ উপায়ুক্ত ধ্ৰুৱ হাজৰিকা আৰু পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া, বতৰ্মান দৰঙৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ তৎপৰতাত ছিপাঝাৰ সমষ্টিৰ দেওমৰনৈ কুমাৰপাৰাত তেওঁ আঢ়ৈ কঠা মাটি লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তাতেই তেওঁৰ এটি সৰু জুপুৰীৰ লগত আধাবন্ধা এটি চৰকাৰী ঘৰ। ল’ক ডাউনৰ বাবে কতো ওলাই যাব নোৱাৰি পৰিয়ালটো চলাবলৈ তেওঁ বৰ বিপদত পৰিছিল৷ দুই এজন হৃদয়বান লোকৰ উপৰি একাধিক সংবাদ প্ৰতিষ্ঠানৰ পৰা কিছু খাদ্যসামগ্ৰী লাভ কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল। এই কথা জানিব পাৰি দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু উপ পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰৰ জৰিয়তে প্ৰায় এমাহৰ বাবে তাৎক্ষণিকভাৱে কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰে। আনহাতে অনাগত দিনত তেওঁলোকৰ ওচৰত দৰং আৰক্ষী যিকোনো মুহূৰ্তত থকাৰ আশ্বাস দিয়ে।দৰং আৰক্ষীৰ এই প্ৰচেষ্টাক জনতাই সাধুবাদ দিয়া পৰিলক্ষিত হৈছে।

Leave A Reply