Breaking

তেজপুৰৰ ই-ৰিক্সা চলোৱা ছোৱালীজনী…

0 72

ই-ৰিক্সা চলোৱা ছোৱালী জনী

“””””””””””””””””””””””””””””””””””””””””””

সভা এখনৰ পৰা ঘৰলৈ বুলি ওলাই আহিছোঁ । দুপৰীয়া ১২ বাজিছে । প্ৰচণ্ড ৰ’দ । গৰমৰ কথা নকওঁ বাৰু । বেগাবেগিকৈ খোজ দি ইফালে সিফালে ই-ৰিক্সা এখন অনুসন্ধান কৰি আহি আছোঁ । কিছু দূৰত্বত কেইখন,, মান ই-ৰিক্সা লাইন পাতি থকা দেখি আগুৱাই গলো । মই সাধাৰণতে ৰিক্সাত উঠোতে ৰিক্সাখনৰ অৱস্থাটো চাই উঠো। নতুন দেখিলেতো সেইফালেই ঢাপলি মেলো । আঁতৰৰ পৰা ৰঙা ৰঙৰ চিকচিকিয়া ই-ৰিক্সা খন মোৰ চকুত পৰিল । লৰালৰিকৈ আগবাঢ়ি গৈ দেখো যে চালকৰ আসনত হৃষ্টপুষ্ট এগৰাকী ছোৱালী বহি আছে ।

বহুদিনৰ পৰা শুনি আছিলোঁ তেজপুৰত কেইগৰাকীমান মহিলাই ই-ৰিক্সা চলায় । সচাকৈয়ে তেওঁক দেখি মনটো ভাল লাগি গল । মই ঠিৰাং কৰিলোঁ তেওঁৰ ৰিক্সাতে উঠি ঘৰলৈ যাম । তেওঁ চান্দমাৰী ফালে যাবনে নাযায় সোধাত , কলে যে বাইদেউ আপুনি অকলে যায় যদি ত্ৰিশ টকা দিব লাগিব । মই কলো হ’ব দিয়া বলা , ৰাস্তাত বেলেগ ভাড়াও পাবা । সচাকৈয়ে অলপ যোৱাৰ পিছতেই আৰু দুগৰাকী মহিলা উঠিল । ৰিক্সা চালক গৰাকীয়ে টপৰাই মাতিলে, বাইদেউ আপুনি বৰ lucky দেই । এই দুপৰীয়াখন বেছি ভাড়া নাপাওঁৱেই । মই তেওঁক কলো আজি মই সচাকৈয়ে lucky কিয়নো এগৰাকী ছোৱালীয়ে চলোৱা ই-ৰিক্সাত উঠি আহিছোঁ । আমাৰ মহিলাৰ বাবে এইটো যোগাত্মক দিশ । বৰ্তমান মহিলাই কামৰ ডাঙৰ-সৰু, পুৰুষ -মহিলাৰ ভাগ নকৰি ওলাই আহি নিজৰ সন্মান অটুট ৰাখি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে । সেই ১৫-২০মিনিটৰ ৰাস্তাত তেওঁৰ লগত মই বহু কথাই পাতিলোঁ । তেওঁৰ নাম বৰ্ণালী কলিতা বুলি ক’লে । কথাই কথাই তেওঁৰ কথা মই ফেচবুকত লিখিম বুলি কোৱাত বৰ উৎসাহ দেখুৱাই মোক ক’লে, বৰ্ণালীৰ মুখেৰে শুনকচোন – ” মোৰ নামটো বাইদেউ বৰ্ণালী যদিও এইটো মোৰ আচল নাম নহয় । মই সৰুতে মানে ৮ বছৰ বয়সতে হেৰাই গৈছিলোঁ । মোৰ নিজৰ মা-দেউতা ক’ত আছে মই একো নাজানোঁ । মোক এহাল মানুহে হেৰোৱাৰ পিছত পাই তেওঁলোকৰ লগত ৰাখি স্কুলত নাম লগাই দিয়ে আৰু তেওঁলোকেই মোৰ নাম বৰ্ণালী ৰাখিছিল । মোৰ ১০বছৰমান হওতে সেই মানুহ হাল যাক মই মা-দেউতা বুলি মাতিছিলো তেওঁলোকৰো মৃত্যু হ’ল ।

তাৰপিছত একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ । কেতিয়াবা কান্দি কান্দি ভাগৰি পৰো । লাহে লাহে এখন বিউটিপাৰ্লাৰত মোক সৰু-সুৰা কামৰ বাবে ৰাখিলে । এইদৰেই দিনবোৰ বাগৰি মই ডাঙৰ হলো । এদিন মই এটা ল’ৰাৰ লগত মন মিলাত সংসাৰ কৰিম বুলি বিয়া হলোঁ । কিন্তু তাতো মোৰ ভাগ্য সলনি নহ’ল । সেইটো এটা মহা বদমাচ ল’ৰা আছিল । বিয়াৰ পিছৰ পৰাই সি মোক মাৰধৰ কৰিছিল । এবাৰটো সি মোক গাঁত খান্দি পুতিবলৈ ধৰিছিল । তেতিয়া প্ৰাণৰ ভয়ত মই পলাবলৈ বাধ্য হলোঁ । পুনৰ সংসাৰ কৰা কথা নাভাবি মোৰ ছোৱালীজনীক কেনেকৈ ভালদৰে ডাঙৰ কৰিব পাৰোঁ তাৰ চিন্তা কৰিলোঁ । মোক এজন সুহৃদয় মানুহে এই ৰিক্সাখন কিনি দিলে । মই অলপ অলপ কৈ তেখেতৰ পইচা ঘূৰাই আছোঁ । সেই মানুহজনে কিন্তু মোৰ পৰা এটকাওঁ সুদ লোৱা নাই । ইতিমধ্যে মই সেই তোলনীয়া মা-দেউতাৰ ঘৰ পালোহি । বৰ্ণালীৰ কথা শুনাৰ আৰু আগ্ৰহ আছিল যদিও পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফোনৰ নম্বৰটো লৈ তেওঁক আগবাঢ়ি যাবলৈ উৎসাহ জনাই বিদায় ললোঁ । বৰ্ণালীৰ সাহস সচাকৈয়ে প্ৰশংসনীয় আৰু এগৰাকী মহিলা হিচাপে তেওঁৰ এই পদক্ষেপ আদৰণীয় ।

কাঞ্চন শইকীয়া তেজপুৰ

Leave A Reply