Breaking

৬ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী…

0 183


ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষা অনুস্থান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনে ১৯৯৮ চনতে স্থাপিত তথা জন্মলগ্নৰে পৰা শিক্ষাৰ পোহৰ বিলাই এইবেলি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হল ৷ বছৰজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ৬,৭ আৰু ৮ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ২৫ খনৰো অধিক উপ-সমিতি দ্বাৰা মহাবিদ্যালয়ৰ পৰিয়ালে অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰিবলৈ তুংগত কৰিছে প্ৰস্তুতি ৷ বিশাল মণ্ডপৰ লগতে দুৰ দূৰণি পৰা অহা প্ৰাক্তন প্ৰশিক্ষাৰ্থী ও অতিথিক আদৰিবলৈ সাজু মহাবিদ্যালয় পৰিয়াল ৷ ইপিনে ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি – ৬ অক্টোবৰ অৰ্থাৎ প্ৰথম দিনা পুৱা ৮-০০ বজাত মহাবিদ্যালয়ৰ প্রশিক্ষার্থী একতা সভাৰ উদ্যোগত পৰিৱেশ নিকাকৰণ। পুৱা ৮-৩০ বজাত গছপুলি ৰোপণ অনুষ্ঠানত ৰোপক হিচাপে অংশ ল’ব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে । ৯-০০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব উত্তোলক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা, ৯-৩০ বজাত ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব উত্তোলক ৰূপালী জয়ন্তী উদযাপন সমিতি সভাপতি পূর্ণানন্দ গগৈয়ে । পুৱা ১০-০০ বজাত স্মৃতি তর্পণ কাৰ্যসূচীত বন্তি প্ৰজ্জলক হেমপ্রভা দত্ত আৰু মুখ্য তৰ্পক হিচাপে উপস্থিত থাকিব চ’ছাইটি ফ’ৰ কলেজ অব টিচ্যাৰ এডুকেশ্বান সভাপতি ভোলানাথ গগৈ ৷ পুৱা ১১-০০ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী সকলৰ অনুদানেৰে নিৰ্মিত নৱনির্মিত বাহন আস্থান উন্মোচন কৰিব উন্মোচক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে ।

দুপৰীয়া ১২-০০ বজাত মঞ্চ উদ্বোধন কৰিব ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক সেৱক চন্দ্র চুতীয়াই ৷ দুপৰীয়া ১২-৩০ বজাত; আলোচনা সত্রখনিত সঞ্চালক তথা মুখ্য আলোচক হিচাপে অংশ ল’ব লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী ৷ আলোচক হিচাপে উপস্থিত থাকিব ড° প্ৰাঞ্জল বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়, ড° পংকজ বৰা, সহযোগী অধ্যাপক ঢকুৱাখনা মহাবিদ্যালয় । অনুষ্ঠানৰ বিষয় হব- “নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্রত্যাহ্বান আৰু প্ৰত্যাশা।” সন্ধিয়া ৬-০০ বজাত বন্তি প্ৰজ্বলন কৰিব প্ৰৱীণ সমাজকর্মী পূর্ণ লাহনে ৷ ৭-০০ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব উদ্বোধক ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বনজিৎ ভট্টই । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাত প্রাক্তন প্রশিক্ষার্থীসকলৰ পঞ্জীয়ন কাৰ্যসূচীত মুখ্য পঞ্জীয়ক হিচাপে উপস্থিত থাকিব প্ৰাক্তন প্রশিক্ষার্থী হেমন্ত কুমাৰ বৰুৱা । ১১-০০ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰখনি উদ্বোধক হিচাপে উপস্থিত থাকিব এই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা ৷ আলোচনা সত্ৰৰ মুল বিষয়বস্তু -“পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব”। অনুষ্ঠানত সঞ্চালক তথা মুখ্য আলোচক হিচাপে উপস্থিত থাকিব
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা, আলোচক হিচাপে উপস্থিত থাকিব প্ৰাধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° গোপাল চন্দ্ৰ হাজৰিকা, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ ৷ বিয়লি ১-৩০ বজাত বিশিষ্ট লেখক সাহিত্যিক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড° উপেন ৰাভা হাকচামৰ দ্বাৰা গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ ‘ৰূপালী বৈভৱ’ উন্মোচন কৰা হব ৷ বিয়লি ৩-০০ বজাত প্রাক্তন প্রশিক্ষার্থী সম্মিলনৰ সভাপতি দুলু শ‍ইকীয়াৰ সঞ্চালনাত প্রাক্তন প্রশিক্ষার্থীসকলৰ অন্তৰঙ্গ আলাপ । ৫-৩০ বজাত বন্তি প্রজ্বলন কৰিব প্রজ্জ্বলক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাক্তন অধ্যক্ষ চেনীৰাম বৰুৱাই ৷ সন্ধিয়া ৬-০০ বজাৰ লগেলগে অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক চৈতন্য দত্ত । তৃতীয় দিনা অৰ্থাৎ শেষৰ দিনা পুৱা ৯.০০ বজাত সামূহিক চফাইৰ পাছতে ১০-৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব উদ্বোধক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰীক্ষাসমূহৰ নিয়ন্ত্রক, পংকজ বৰঠাকুৰে ৷ বিয়লি ১-০০ বজাত মুকলি সভা উদ্ধোধন কৰিব উদ্বোধক ঢকুৱাখনা উপ-জিলা অতিৰিক্ত জিলা আয়ুক্ত কার্তিক কলিতাই ৷

অনুষ্ঠানত উদ্‌যাপন সমিতি সভাপতি পূর্ণানন্দ গগৈৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শ‍ইকীয়া, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব লক্ষীমপুৰ লোকসভা সমষ্টি সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধান সভা সমষ্টি প্রাক্তন মন্ত্রী তথা বিধায়ক নৱ কুমাৰ দলে, কেন্দ্ৰীয় চৰকাৰ প্রাক্তন ৰাজ্যিক মন্ত্ৰী ড° ৰাণী নৰহ ৷ ইয়াৰ সমান্তৰালভাৱে এই অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবদ্য, ঘিলামৰা নর্থ বেংক কলেজ অধ্যক্ষ ড° যুগল শ‍ইকীয়া,ঢকুৱাখনা মহাবিদ্যালয় অধ্যক্ষ ড° যোগানন্দ সূত, হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগ, লখিমপুৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শ‍ইকীয়া, ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক যুক্তিৰত্ন শ‍ইকীয়া, ঢকুৱাখনাৰ বিশিষ্ট সমাজকর্মী বসন্ত শ‍ইকীয়া, লখিমপুৰ জিলা দ্যা চেন্টিনেল কাকতৰ সাংবাদিক ৰঞ্জিত কাকতি ৷ সন্ধিয়া ৭-৩০ বজাত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত নাট “পৰশুৰামৰ গুৰুদক্ষিণা সহস্রার্জুন বধ” নামৰ ভাওনা প্রদর্শন ৷ উক্ত ভাওনাখন উদ্বোধন কৰিব উদ্বোধক ঢকুৱাখনা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে । ইপিনে ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ লজতে মহাবিদ্যালয়ৰ পৰিয়ালে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

Leave A Reply