Breaking

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ। স্কুল পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি…

0 54

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ অংশ স্বৰূপে যোৱা ৩ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হাজো সমষ্টিৰ অন্তৰ্গত বিদ্যালয় আৰু‌ মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি পৰে। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ৩২ দলে অংশগ্ৰহণ কৰে। অসম ৰেষ্টলিং সন্থাৰ নৱনিযুক্ত সভাপতি তথা উদযাপন সমিতিৰ সভাপতি ৰাতুল শৰ্মাই মুকলি কৰা প্ৰতিযোগিতাখনিৰ পৰা ২৬গৰাকী খেলুৱৈক বাচনি কৰা হৈছে।

নিৰ্বাচিত খেলুৱৈ কেইগৰাকীক হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে। বেডমিন্টন প্ৰতিযোগিতা আৰু বাচনি শিৱিৰত হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথ, ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী প্ৰভাত কলিতা, বিশিষ্ট ক্ৰীড়া সংগঠক ডাঃ সোণ চন্দ্ৰ মালাকৰ, শৰৎ নায়ক, মৃণাল কুমাৰ দাস, মনোজ মেধি, সাংবাদিক প্ৰাঞ্জল কলিতা আদি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। আনহাতে খেল পৰিচালকৰ দায়িত্বত আছিল হৃষিকেশ বিশ্বাসী আৰু চন্দন মালাকৰ।

Leave A Reply