Breaking

আপোনাৰ প্ৰিয় সংগীত শিল্পী এ আৰ ৰহমান অতি সোনকালেই আহি আছে আপোনাৰ কাষলৈ…!

0 92

ভাৰতৰ সৰ্ববৃহৎ সংগীতৰ তাৰকাক আদৰিবলৈ সাজু হৈছে অসমবাসী, ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত প্ৰায় ৩৫ হাজাৰৰো অধিক লোকক আকৰ্ষণ কৰিব এ আৰ ৰহমানৰ সংগীতে।

একাডেমী বঁটা বিজয়ী তথা ভাৰতীয় সংগীতৰ গুৰু এ আৰ ৰহমানে “কনচাৰ্ট অৱ পিছ” নামৰ এক মেগা ইভেণ্টত দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে, য’ত তেওঁ গুৱাহাটীত নিজৰ অনুষ্ঠান পৰিৱেশন কৰিব।

তেওঁৰ মন্ত্ৰমুগ্ধকৰ পৰিবেশনেৰে সমগ্ৰ বিশ্বৰ সংগীত প্ৰেমীক আনন্দিত কৰে, গীতিকাৰ আৰু পৰিচালক এ আৰ ৰহমানে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেটৰ সৌজন্যত গুৱাহাটীত আয়োজন কৰা এই ধৰণৰ প্ৰথমটো অনুষ্ঠান এই গ্ৰেণ্ড কনচাৰ্টত দৰ্শকক মোহিত কৰিব।

সন্ধিয়া ৫ বজাৰ পৰা খোলা হ’ব গেট। সন্ধিয়া ৭ বজাৰ পৰায়ে আৰম্ভ হ’ব এই অনুষ্ঠান। এই অনুষ্ঠানৰ সময়সীমা ২.৫ ঘণ্টা। থিয় হৈ বা বহি যিকোনো ধৰণেৰে অনুস্থান উপভোগ কৰিব পাৰিব। প্ৰথম অহা প্ৰথমে পোৱাৰ ভিত্তিত আসন উপলব্ধ।

অনুস্থানত উপস্থিত থাকিবলৈ বয়সৰ কোনো সীমা নাই। অৱশ্যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ বাবে টিকটৰ প্ৰয়োজন হ’ব।সভাস্থলীতে সীমিত পাৰ্কিংৰ ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও ক্ৰয় কৰা টিকট বাতিল কৰিলে টিকটৰ কোনো ধৰণৰ ধন ঘূৰাই দিয়া সম্ভৱ নহয়।

কেনেকৈ টিকট বুকিং কৰিব
মেগা কনচাৰ্টৰ টিকট বুক মাই শ্ব’ আৰু পেটিএম ইনচাইডাৰত উপলব্ধ হ’ব।

Leave A Reply