Breaking

ভাদমহীয়া বানৰ কবলত দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চল,ৰাতিৰ ভিতৰতে তচনচ কৰি পেলালে কৃষকৰ সপোন

0 2,102

ভাদমহীয়া বানৰ কবলত পৰি দেৰগাঁৱ ৰাজহ চক্ৰৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি বাসী দিশহাৰা হৈ পৰিছে। খৰাং পৰিস্থিতিৰ বাবে কৃষিজীৱি অঞ্চলটোত শেহতীয়াকৈ  কৃষকে পানীৰ অভাৱত গাঁঠিৰ ধন ভাঙি মেছিনেৰ পানী সিঁচি দুই এডৰা শালি খেতি ৰুই ভৱিষ্যতৰ সপোন ৰচিছিল যদিও সেই সপোন ৰাতিৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বানে তচনচ কৰি পেলালে। বানে কেইবাশ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। বানত কৱলত পৰা সমগ্ৰ অঞ্চলটো বহিজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনজীৱন সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে। অঞ্চলটোৰ লেমচাপৰি, গড়মৰা,শলাবোৱা, চমুৱা, ছিৰিশটিকা, সদাৰ, বহিখোৱা, নতুন চাপৰি আদি গাঁও সমুহৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰিৰ বহু কেইখন গাঁও প্লাৱিত কৰি পেলাইছে এই ভদীয়া বানে। কৃষি কৰ্মৰ উপৰিও পশুধন পালন কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে এতিয়া পশুধনৰ লগতে নিজৰ জীৱন বচাবলৈ সুৰক্ষিত আশ্ৰয় স্থলী বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। বিপদ সীমাৰ ওপৰে বৃদ্ধি পাই থকা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠক লৈ এতিয়া আতংকিত নৈ পৰীয়া জনসাধাৰণ।

Leave A Reply