Breaking

লেখাপানীৰ এজন ব্যক্তিৰ মহানুভৱতা। ব্যক্তিগত ভূমি দান কৰিলে ৰাজহুৱা অনুষ্ঠানক

0 1,568

যি সময়ত চৌদিশে ভূমিৰ নাটনিয়ে ভূমি কেন্দ্ৰিক সংঘাট আৰু ভূ মাফিয়াৰ দ্বাৰা জোৰ জুলোমকৈ আনৰ ভূমি কাঢ়ি লোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে তেনে এক সময়তে এজন ব্যক্তিয়ে নিজৰ নামত থকা প্ৰায় ৫ লাখ টকা মূল্যৰ ভূমি ৰাজহুৱা অনুষ্ঠানক দান দি আন দহজনৰ বাবে আদৰ্শ হিচাপে নিজকে চিনাকী দিবলৈ সক্ষম হৈছে। লেখাপানীৰ ১নং টিৰাপ নিৱাসী ভেজ বাহাদুৰ চাৰ্কী নামৰ ব্যক্তি জনে ১টিৰাপ পথাৰ গাওঁ নৱোদয় উন্নয়ন সমিতিৰ কাৰ্যাল়য় নিৰ্মাণৰ বাবে পথাৰ গাওঁত থকা ২৩ নং দাগৰ ১ কথা মাটি আনুষ্ঠানিক ভাৱে দান কৰে ৰাইজক।

ভেজ বাহাদুৰ চাৰ্কীয়ে পত্নী প্ৰভা চাৰ্কী, কন্যা চনম চাৰ্কী আৰু পুত্ৰ সুৰজ চাৰ্কীক সাক্ষী হিচাপে লগত ৰাখি উক্ত মাটি ৰাইজক চমজাই দিয়ে।নৱোদয় উন্নয়ন সমিতিৰ সকলো বিষ়ববীয়াৰ উপস্থিতিত পৰিয়ালটোৰ আটাইকেইজন সদস্যক আন্তৰিক কৃতজ্ঞতা জনাই সম্বৰ্ধনা জনোৱা হয়। নৱোদয় উন্নয়ন সমিতিৰ সকলো সদস্যই কাৰ্যালয় নিৰ্মাণ কৰি সন্মুখত ভূমি দাতাৰ নাম চিৰস্থায়ী কৰি ৰখাৰ বাবে এখন ফলক লগোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

Leave A Reply