Breaking

গৰমে দহিছে দিল্লীক, চৰকাৰে জাৰি কৰিছে সতৰ্কবাণী…

0 51

তীব্ৰ উত্তাপক লৈ দিল্লী চৰকাৰে জাৰি কৰিছে সতৰ্কবাণী! আনহাতে বৃদ্ধি পোৱা গৰমৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে বিদ্যালয়সমূহৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। দিল্লী চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা ৰক্ষা কৰিবলৈ গাইডলাইন জাৰি কৰিছে।

শিক্ষা বিভাগে জাৰি কৰা গাইডলাইন অনুসৰি বিয়লিৰ শ্বিফটত বিদ্যালয়ত শিশুৰ মুকলি সমাবেশ হ’ব নালাগে। ছাত্ৰ-ছাত্ৰীৰ বাবেও বিদ্যালয়সমূহত খোৱাপানীৰ সঠিক ব্যৱস্থা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীক শ্ৰেণীৰ সময়ত পানী খাবলৈ বিৰতি দিব লাগে।

লগতে কোৱা হৈছিল যে বিদ্যালয়লৈ অহাৰ সময়ত ছাতি, টাৱেল, টুপী বা আন যিকোনো উপায়েৰে মূৰ ঢাকি ৰাখিব লাগে যাতে প্ৰত্যক্ষভাৱে সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ নাযায়। যদি কোনো ছাত্ৰৰ গৰমৰ বাবে কোনো স্বাস্থ্যজনিত সমস্যা হয় তেন্তে তৎক্ষণাত ওচৰৰ চিকিৎসালয় বা স্বাস্থ্য সেৱাক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।


উল্লেখযোগ্য যে বুধবাৰে পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দিল্লী সচিবালয়ত ৩০টা বিভাগৰ সৈতে গ্ৰীষ্মকালীন কৰ্ম পৰিকল্পনা সন্দৰ্ভত এক যৌথ বৈঠকত মিলিত হয়। গ্ৰীষ্মকালত বহু কাৰণত সৃষ্টি হোৱা প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে নিৰ্দিষ্ট ১৬টা ফ’কাচ পইণ্টৰ ওপৰত সকলো বিভাগকে বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি গ্ৰীষ্মকালীন কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হ’ব।

Leave A Reply