Breaking

চচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰা যুৱকৰ ওপৰত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ এজাহাৰ দাখিল ।

0 47

নলবাৰী :

কৰ’ণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে একাংশ লোকে চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰাক লৈ এতিয়া বিভিন্ন মহলত ব্যাপক লাভ কৰিছে । সেইমৰ্মে আজি হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে নলবাৰী ঘগ্ৰাপাৰৰ বাঘমাৰা গাঁওৰ নিবাসী আনিমুৰ ৰহমানে চচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে । হিন্দু ক্ৰান্তি দলৰ কৰ্মী অপূৰ্ব কলিতাই স্বাক্ষৰিত এই এজাহাৰ খনত আনিমুৰ ৰহমান নামৰ যুৱক জনে ফেচবুক যোগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমানসূচক মন্তব্য দিয়াৰ লগতে বিভিন্ন উৰাবাতৰি বিয়পাই এক সাম্প্ৰদায়িক পৰিবেশ সৃষ্টি কৰা বুলি উল্লেখ কৰে । সেয়েহে যুৱক জনক অতি সোণকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে সদৰ থানাত এজাহাৰ দাখিল কৰি অনুৰোধ জনাই ।

Leave A Reply