Breaking

তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ঐতিহাসিক ধাদুম পথাৰ আলোকিত হ’ল প্ৰায় ১৫০০ বন্তিৰে…

0 113

প্ৰায় ১৫০০ বন্তিৰে আলোকিত হ’ল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ঐতিহাসিক ধাদুম পথাৰ ৷

ৰাজ্যৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি সোনোৱাল কছাৰী সকলৰ মূল আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ’ পূজা উপলক্ষে এই বন্তি প্ৰজ্বলন ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা ডাঙৰীৰ ধাদুম পথাৰ স্থিত বাইথ’ মন্দিৰৰ আদৰণি তোৰণৰ পৰা মূল মন্দিৰলৈ প্ৰায় ৭ কিলোমিটাৰ পথচোৱা গাঁৱৰ মাজে মাজে কৰে বন্তি প্ৰজ্বলন ৷ সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ ডাঙৰী আৰু মেগেলা সমষ্টিৰ সদস্যৰ তৎপৰতাত এই বন্তি প্ৰজ্বলন ৷

উল্লেখ্য যে শিৱৰাত্ৰিৰ পাছৰ শুক্লপক্ষৰ দ্বিতীয়টো সোমবাৰে ফাগুন আৰু চত মাহৰ মাজত অনুষ্ঠিত কৰে বাইথ’ পূজা ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় এই বাইথ’ পূজা ৷ বাইথ’ পূজাত সোনোৱাল কছাৰী সকলৰ বিহু নমোৱা পৰ্ব পালন কৰে ৷ হাইদাং গীত, ডেকা গাভৰু সকলে লগ বিহুৰে আদৰণি জনায় ৰঙালী বিহুটিক ৷

Leave A Reply