Breaking

চাপৰত ভু-মাফিয়াৰ গুণ্ডাগিৰি।

0 29

শ্ৰমিকক নিৰ্মম ভাবে প্ৰহাৰ ভু -মাফিয়াৰ । মাটি কাটিবলৈ নোযোৱাৰ বাবেই ঘৰত আহি শ্ৰমিকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ভু-মাফিয়াৰ বিৰুদ্ধে । চাপৰৰ আৰেয়াৰঝাৰ বেতবাৰীত সংঘটিত হয় এই ঘটনা ।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰেয়াৰঝাৰ বেতবাৰীৰ বাসিন্দা বোক্কাৰ আলীৰ পুত্ৰ তমেজ আলী আৰু নসাদ আলীৰ নেতৃত্বত কেইবাজনে মাটি খননৰ কাম কৰিবলৈ নোযোৱাৰ বাবেই শ্রমিক সানিদুল ইছলামৰ ঘৰত অনাধিকাৰ প্ৰবেশ কৰি প্ৰথমতে সানিদুল ইছলামক নিৰ্মমভাবে প্ৰহাৰ কৰি শান্ত নাথাকি পিছত সানিদুলৰ মা-দেউতাককো মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। উক্ত ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নৌসাদ আলী,সানিদুল ইছলাম,জসনা খাতুন আৰু আনিছা বেগম। আটাইকেইজন বৰ্তমান চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষী থানাত এখন এজাৰৰ দাখিল কৰে।

Leave A Reply