Breaking

টিৰাপৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈৰ ব্যক্তিগত উপাৰ্জিত ধনেৰে নিৰ্মাণ কৰিলে চিকিৎসালয় প্ৰসূতি কক্ষ।

0 2,028

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত টিৰাপ মৌজাবাসী ৰাইজৰ বহুদিনীয়া সমস্যা তথা অভাৱ পূৰণ কৰি টিৰাপগেট ৰাজ্যিক চিকিৎসালয়ত আজি মুকলি কৰা হল অত্যাধুনিক প্ৰসূতি কক্ষ। আজি এই প্ৰসূতি কক্ষটো আনুষ্ঠানিক ভাৱে মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে।১৯৫০ চনতে প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যিক চিকিৎসালয়খনত নাছিল স্থায়ী প্ৰসূতি কক্ষ। যাৰ বাবে চিকিৎসালয় খনলৈ অহা প্ৰসূতি মাতৃ সকলে যেনে ধৰণৰ উপযুক্ত সা-সুবিধা লাভ কৰিব লাগিছিল তেনে ধৰণৰ সা-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছিল। টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ প্ৰসূতি সকলে প্ৰাথমিক চিকিৎসা সেৱা লাভ কৰাৰ বাদে উন্নত চিকিৎসাৰ বাবে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ যাৱ লগা হৈছিল।যাৰ ফলত বিভিন্ন সময়ত প্ৰসূতিৰ মৃত্যু পৰ্যন্ত হোৱাৰ উদাহৰণ নথকা নহয়। উক্ত এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ কথা হৃদয়ংগম কৰি আগবাঢ়ি আহিল এজন হৃদয়বান ব্যক্তি। টিৰাপ অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক হৰেন গগৈয়ে তেখেতৰ মহানুভৱতাৰ পৰিচয় দি এটা স্থায়ী প্ৰসূতি কক্ষ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব মোৰ পাতি লয়। তেখেতে নিজ উপাৰ্জিত ধনৰ প্ৰায় ২৫ লাখ টকা ব্যয় কৰি প্ৰয়াত পিতৃ স্বৰ্গীয় যতীন গগৈৰ সোঁৱৰণত প্ৰসূতি কক্ষটো নিৰ্মাণ কৰি বহু সংখ্যক সন্মানীয় ব্যক্তি আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত ৰাইজৰ বাবে উচৰ্গা কৰে। ইয়াৰোপৰি তেখেতে অনাগত দিনত ৰাইজৰ সুবিধা হোৱাকৈ চিকিৎসালয় খনত এটা এক্সৰে মেচিন প্ৰদান কৰিব বুলিও মত প্ৰকাশ কৰে। হৰেন গগৈ দেৱৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে তেখেতৰ এই মহানুভৱতাক সকলোৱে একমুখে প্ৰশংসা কৰে। বিধায়ক ভাস্কৰ শৰ্মাই হৰেন গগৈৰ এনে সুচিন্তা আৰু মহানুভৱতাক সন্মান প্ৰদৰ্শন কৰি আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যতেও ৰাইজৰ প্ৰতি এনে ধৰণৰ সুচিন্তাৰে সহায় সহযোগ আগবঢ়াই যাবলৈ আহ্বান জনায়।

Leave A Reply